খেল

June 1, 2024 8:45 PM

views 83

টাইৱান এথলেটিকছ অ’পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ’ত ডি পি মনুৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ডি পি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিকছ অ'পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ৮১.৫৮ মিটাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে এই পদক হস্তগত কৰে। চীন টাইপেইৰ চাও চুন চেং আৰু চাও হং হুৱাঙে এই শিতানত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

June 1, 2024 1:32 PM

views 64

পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন ভাৰতীয় বক্সাৰ নিশান্ত দেৱৰ

ভাৰতীয় বক্সাৰ নিশান্ত দেৱে আসন্ন পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। বেংককত চলি থকা পেৰিছ অলিম্পিকৰ যোগ্যতা নির্ণয়কাৰী প্ৰতিযোগিতাৰ পুৰুষৰ ৭১ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নিশান্তে মলডোভাৰ ভাচিলে ছেব’টাৰীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি এই সফলতা লাভ কৰে। ছেমিফাইনেলত প্ৰৱেশ কৰি নিশান্তে প্রতিযোগিতা...

June 1, 2024 1:28 PM

views 74

নিউয়র্কত নিশা ৮ বজাত আই চি চি টি-২০ বিশ্বকাপৰত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত হোৱা আই চি চি টি-২০ বিশ্বকাপৰ একমাত্র অনুশীলন খেলখনত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। নিউয়র্কত নিশা ৮ বজাৰ পৰা এই খেলখন আৰম্ভ হ’ব। উল্লেখযোগ্য যে বোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে অহা ৫ জুনত নিউয়র্কতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি বিশ্...

May 31, 2024 8:23 PM

views 56

ছিংগাপুৰ বেডমিণ্টন অ’পেন-২০২৪ ৰ মহিলাৰ ডাবলছত ছেমি ফাইনেলত প্ৰৱেশ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটী

ভাৰতৰ শ্বালাৰ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে ছিংগাপুৰ বেডমিণ্টন অ'পেন-২০২৪ প্রতিযোগিতাৰ মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তৃষা আৰু গায়ত্ৰীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম চো ইয়ং আৰু কং হী য়ঙৰ যুটীটোক ১৮-২১, ২১-১৯, ২৪-২২ গেমত পৰাস্ত কৰে। প্ৰথমটো গেম ১...

May 31, 2024 5:58 PM

views 101

ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ১৬ জুনৰ পৰা হ’বলগীয়া ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা চেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জিয়ৰী উমা চেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ ...

May 31, 2024 12:16 PM

views 67

ছিংগাপুৰ অ’পেন বেডমিণ্টন প্রতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত পিভি সিন্ধু কেৰ’লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত

ভাৰতৰ তাৰকা খেলুৱৈ পিভি সিন্ধু কালি ছিংগাপুৰ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কেৰ'লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত হয়। এয়া হ'ল স্পেইনৰ প্ৰতিদ্বন্দী খেলুৱৈগৰাকীৰ বিৰুদ্ধে সিন্ধুৰ একেৰাহে ষষ্ঠ পৰাজয়। ইয়াৰ পূৰ্বে সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ খেলিৱৈ...

May 31, 2024 12:09 PM

views 61

অংকুশিতা বড়ো বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ অংকুশিতা বড়োৱে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ মহিলাৰ ৬০ কিল'গ্রাম ওজন শাখাত কাজাখস্তানৰ খেলুৱৈৰ বিৰুদ্ধে ৪-১ ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে পুৰুষৰ ৭১ ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ পীৰাপাট ইয়েচুংনোয়েনৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি কোৱ...

May 30, 2024 8:33 PM

views 78

পি এছ এ ছেলেঞ্জ কাপ স্কোৱাচ প্ৰতিযোগিতাত ভাৰতৰ ৰাধিকা চিলান কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

হংকঙত অনুষ্ঠিত পি এছ এ ছেলেঞ্জ কাপ স্কোৱাচ প্ৰতিযোগিতাত ভাৰত ৰাধিকা চিলানে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ষষ্ঠ বাচনিৰ ভাৰতৰ ৰাধিকাই হংকঙৰ কা হুৱেন লিয়ুং ৩-২ ব্যৱধানত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত ৰাধিকাৰই মালয়েছিয়াৰ ছেহভিট্টাৰ মুখামুখি হ'ব।

May 30, 2024 5:38 PM

views 62

পি ভি সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অ'পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ নম্বৰ স্থানৰ লিনে জায়েছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু ...

May 30, 2024 6:32 PM

views 51

ভাৰতৰ শচীন চিৱাছ বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত

থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ পুৰুষৰ ৫৭ কিলোগ্রাম শাখাত ভাৰতৰ শচীন চিৱাছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ তুৰস্কৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। আৰু দুখন খেলত জয়লাভ কৰিব পাৰিলেই চিৱাছে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।