খেল

October 12, 2024 4:19 PM

views 61

সন্ধিয়া ৭ বজাত ভাৰত আৰু বাংলাদেশৰ মাজত টি-২০ ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু বাংলাদেশৰ মাজত টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হায়দাবাদত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। শৃংখলাত ২-০ ফলাফলত আগবাঢ়ি থকা ভাৰতীয় দলে আজি খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অক্ষুন্ন ৰখা আৰু বাংলাদেশৰ বিৰুদ্ধে আটাইকেইখন খেলতে জয়লাভ কৰাৰ কৃত...

October 12, 2024 4:06 PM

views 30

নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ সম্পাদক জয় শ্বাহে কালি এখন বিজ্ঞপ্তিৰ জৰিয়তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব বুলি ঘোষণা কৰে। বিজ্ঞপ্তি অনুসৰি আগশাৰীৰ বেগী বলাৰ যশপ্রীত...

October 12, 2024 12:06 PM

views 50

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ খেলত অষ্ট্ৰেলিয়াৰ হাতত পাকিস্তান ৯ উইকেটত পৰাস্ত

যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াই যোৱানিশা ডুবাইত অনুষ্ঠিত মহিলাৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাকিস্তানক ৯ উইকেটত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আৰম্ভণিতেই শ'লঠেকত পৰে আৰু ১৯ অভাৰ আৰু ৫টা বলত মাত্র ৮২ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই। অষ্ট্...

October 12, 2024 12:02 PM

views 40

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ সম্পাদক জয় শ্বাহে কালি এখন বিজ্ঞপ্তিৰ জৰিয়তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব বুলি ঘোষণা কৰে। বিজ্ঞপ্তি অনুসৰি আগশাৰীৰ বেগী বলাৰ যশপ্রীত...

October 11, 2024 7:53 PM

views 24

ভাৰতৰ তনভি শৰ্মা বি ডব্লিউ এফ ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত

ভাৰতৰ তনভি শৰ্মা বি ডব্লিউ এফ ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ১৯ বছৰ অনূৰ্ধ্ব শাখাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বু ৱেন জিঙৰ হাতত ১৩-২১, ২১–১৯, ১৫-২১ গেমত পৰাভূত হয়। একেদৰে, ভাৰতৰ আন এগৰাকী খেলুৱৈ আলিছাও চীনৰে ডাই কিন য়িৰ হাতত ১৮-২১, ১৯-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ ...

October 11, 2024 11:19 AM

views 53

ভেলেন্সিয়া অ’পেন টেনিছ প্রতিযোগিতাত জীৱন-বিজয়ৰ যুটীটো পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ

ভাৰতৰ জীৱন নেডুচাঝিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তই ভেলেন্সিয়া অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। জীৱন আৰু বিজয়ৰ যুটীটোৱে কালি স্পেইনৰ ভেলেন্সিয়াত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মিৰ্ছিয়া আলেকজেন্দ্ৰ জেকন আৰু বেলাৰুচৰ ইভান লীঅ'টাৰেভিচৰ ফুটীটোক ৬-০, ৬-২ পোনপটীয...

October 11, 2024 11:36 AM

views 43

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ জয়লাভ

ৱেষ্ট ইণ্ডিজে যোৱা নিশা ইউ এ ইৰ শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰে। বাংলাদেশে খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আঠটা উইকেটৰ বিনিময়ত ১০৩ ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ অধিনায়ক নিগাৰ চুলতানাই ৪৪টা বলত ৩...

October 10, 2024 8:39 PM

views 63

টেনিছ খেলুৱৈ ৰাফেল নাডালে পেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা

২২টাকৈ গ্রেণ্ডশ্লেম ছিংগলছ খিতাপ দখল কৰা স্পেইনৰ আগশাৰীৰ টেনিছ খেলুৱৈ ৰাফেল নাডালে পেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ সামাজিক মাধ্যমৰ এটা ভিডিঅ' যোগে অৱসৰৰ কথা প্ৰকাশ কৰিছে। তেওঁ লগতে খেলুৱৈ জীৱনৰ বিভিন্ন স্তৰত আগবঢ়োৱা সমর্থনৰ বাবে কৃতজ্ঞতা প্রকাশ কৰিছে। নাডালে নৱেম্বৰত মালাগাত হ'...

October 10, 2024 5:48 PM

views 60

আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পুনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে আজি পুনৰ সোণৰ পদক অৰ্জন কৰিছে। অসমৰ বেদৱত ভৰালী আৰু হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্রাম ওজন শাখাৰ ক্ৰমে জুনিয়ৰ আৰু যুৱ শাখাত সোণৰ পদক লাভ কৰে। অহা ১৩ অক্টোবৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত অসমে এ...

October 10, 2024 5:16 PM

views 36

২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠিত হ’ব

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰ ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় অলিম্পিক সংস্থাই চলিত মাহৰ ২৫ তাৰিখে ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে সম্পূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উপৰি উত্তৰাখণ্ডে শীতকালীন ৰাষ্ট্রীয় ক্রীড়াও অনুষ্ঠিত কৰিব। নতুন দিল্লীত অনুষ্ঠিত ...