আঞ্চলিক সংবাদ

November 10, 2025 12:56 PM

views 72

স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্...

November 10, 2025 12:52 PM

views 79

প্রবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, উদ্যোগী ড° নৰেন্দ্ৰ নাথ দত্ত আৰু এল ডি ছ’য়ানক ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী বঁটা প্ৰদান

প্রবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, উদ্যোগী ড° নৰেন্দ্ৰ নাথ দত্ত আৰু এল ডি ছ’য়ানলৈ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ব্যক...

November 10, 2025 12:50 PM

views 69

গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ, ১,১৪০ বিঘা ভূমি দখলমুক্ত

গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে কালি দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাই এহেজাৰ ১৪০ বিঘা ভূমি দখলমুক্ত কৰে। সংৰক্ষিত এই বনাঞ্চলত অবৈধভাৱে ৫৮০ টা পৰিয়ালে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল আৰু এমাহ পূৰ্বে প্ৰশাসনে এই লোকসকলক উচ্চেদ জাননী জাৰি কৰিছিল। এই জাননী লাভ কৰাৰ পাছতে প্রায়সমূহ পৰিয়ালে সেই স্...

November 9, 2025 8:37 PM

views 64

অসম সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সুৱাগ তোলা কার্যসূচী

অসম সাহিত্য সভাৰ উদ্যোগত আজি শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সুৱাগ তোলা শীর্ষক কার্যসূচী অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ যোৰহাটস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনটোৰ অহা ২ ডিচেম্বৰত ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই কাৰ্যসূচীত সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ লগত ...

November 9, 2025 8:28 PM

views 58

বিশ্বনাথ চাৰিআলিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে পদযাত্রা

বিশ্বনাথ চাৰিআলিত কাইলৈ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে পদযাত্রা সমাপ্ত কৰা হব। এই পদযাত্ৰাত স্বচ্ছ ভাৰত ড্ৰাগছ বিৰোধী অভিযান, নাৰী সৱলীকৰণ, ৰক্তদান শিবিৰ, বৃক্ষৰোপণ আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সম্পর্কে বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ত সাংসদ ৰণজিৎ দত্ত আৰু জিলা আয়ুক্ত সীমান্ত...

November 9, 2025 8:21 PM

views 48

গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্চেদ অভিযান চলাই অঞ্চলটোৰ ১১৪০ বিঘা ভূমি দখলমুক্ত কৰে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্চেদ অভিযান চলোৱা হব বুলি ঘোষণা কৰাৰ পাছত আজি গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে উচ্চেদ অভিযান চলাই অঞ্চলটোৰ ১১৪০ বিঘা ভূমি দখলমুক্ত কৰে। সংৰক্ষিত এই বনাঞ্চলত অবৈধভাবে ৫৮০ টা পৰিয়ালে দীর্ঘদিন ধৰি বসবাস কৰি আছিল আৰু এমাহ পূর্...

November 9, 2025 7:29 PM

views 48

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনৰ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনৰ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ প্ৰায় ৭০ লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। উল্লেখযোগ্য যে ৰাইজৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ ২০২৩ চনৰ জানুৱাৰী ম...

November 9, 2025 6:35 PM

views 64

ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া গ্ৰহণ কৰাৰ ফলত বর্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া গ্ৰহণ কৰাৰ ফলত বর্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রী ড০ শর্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্রাথমিক শিক্ষক পদৰ বাব...

November 9, 2025 6:27 PM

views 38

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কেন্দ্রীয় অনুষ্ঠানৰ অংশ হিচাপে এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হয়। কেন্দ্রীয়ভাবে আয়োজিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, ছুখয় আদি ৭৫ খন বিমান আৰু হেলিকপ্তাৰে ভাগ লয়। এই প্রদর্শনী উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছা...

November 9, 2025 12:08 PM

views 62

গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান আৰম্ভ

প্রশাসনে গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ'ব। গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুন্ডে কালি প্রকাশ কৰা মতে উচ্ছেদ অভিযানৰ বাবে অবৈধভাবে দখল কৰি থকা ভূ-ভাগক পাঁচটা খণ্ডত ভাগ কৰা হৈ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।