৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কেন্দ্রীয় অনুষ্ঠানৰ অংশ হিচাপে এয়াৰ শ্ব’ অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হয়। কেন্দ্রীয়ভাবে আয়োজিত এই এয়াৰ শ্ব’ত ৰাফেল, মিগ, ছুখয় আদি ৭৫ খন বিমান আৰু হেলিকপ্তাৰে ভাগ লয়। এই প্রদর্শনী উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আবাসীসকলক আমন্ত্রণ জনোৱা হৈছে। অৱশ্যে এইক্ষেত্রত প্রশাসনে কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে। মহানগৰৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব’ চোৱাৰ ব্যৱস্থা কৰা হৈছে। বায়ু সেনা বাহিনীৰ এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁৰ ভ্ৰমণ বাতিল হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | November 9, 2025 6:27 PM | Air-show-Lachit-Ghat. IAF Day
৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন