মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্চেদ অভিযান চলোৱা হব বুলি ঘোষণা কৰাৰ পাছত আজি গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে উচ্চেদ অভিযান চলাই অঞ্চলটোৰ ১১৪০ বিঘা ভূমি দখলমুক্ত কৰে। সংৰক্ষিত এই বনাঞ্চলত অবৈধভাবে ৫৮০ টা পৰিয়ালে দীর্ঘদিন ধৰি বসবাস কৰি আছিল আৰু এমাহ পূর্বে প্রশাসনে এই লোকসকলক উচ্ছেদৰ জাননী জাৰি কৰিছিল বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এই জাননী পোৱাৰ পাছত প্রায়সমূহ পৰিয়ালে সেই স্থান ত্যাগ কৰিছিল যদিও প্রশাসন সেই স্থানত উপস্থিত হৈ অবশিষ্ট পৰিয়ালসমূহ ঘৰ-দুৱাৰ উচ্ছেদ কৰে। উচ্ছেদৰ সময়ত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ বাবে প্রশাসনে দুজন লোকক আটক কৰে। এই উচ্ছেদ অভিযান সম্পূর্ণ হোৱাৰ পাছত বন আৰু পৰিবেশ বিভাগৰ বিশেষ মুখ্য সচিবে সংবাদ মেল সম্বোধন কৰি শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সমাপন হোৱা বুলি প্রকাশ কৰে।
Assamese | November 9, 2025 8:21 PM | Eviction-Goalpara Dahikata
গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্চেদ অভিযান চলাই অঞ্চলটোৰ ১১৪০ বিঘা ভূমি দখলমুক্ত কৰে