আঞ্চলিক সংবাদ

November 11, 2025 11:55 AM

views 70

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণত কমেও ৮জন লোকৰ মৃত্যু

দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৪ জনৰো অধিক লোক আহত হৈছে। এখন বাহনত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ ফলত হোৱা এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শক্তিশালী এই বিস্ফোৰণটো...

November 11, 2025 11:53 AM

views 43

দিল্লীত সংঘটিত বোমা বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা, আহতসকলৰ আশুআৰোগ্য কামনা ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৰ

দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সমবেদনা প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰ...

November 11, 2025 11:50 AM

views 62

ছবছৰৰ পাছতো এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূর্ণ নকৰা বিষয় সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

ছবছৰ পূৰ্বে অসমত চূড়ান্ত এন আৰ চি অৰ্থাৎ‍ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পাছতো এই পর্যন্ত এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিছে। ন্যায়ালয়ে বিগত ছবছৰে নাগৰিক পৰিচয় পত্ৰ আৰু বাদ পৰি যোৱা নথি প্ৰদানকে ধৰি বি...

November 10, 2025 7:34 PM

views 36

পাঠশালাৰ সমীপৱৰ্তী ধৰমতলা গাঁৱৰ কৃষ্ণকান্ত কলিতাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান

বজালী জিলাৰ পাঠশালাৰ সমীপৱৰ্তী ধৰমতলা গাঁৱৰ কৃষ্ণকান্ত কলিতাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। আথিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭২ বছৰ। এগৰাকী কৃতি শিক্ষক তথা সৰবৰহী ব্যক্তি হিচাপে তেওঁ বহুলভাৱে পৰিচিত আছিল।

November 10, 2025 7:30 PM

views 54

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ অভিযানত ৫ খন সোণৰ বিস্কুট আৰু অলংকাৰসহ ৩ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে যোৱানিশা ৪টা স্থানত অভিযান চলাই ৫ খন সোণৰ বিস্কুট আৰু অলংকাৰসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সোণৰ বিস্কুটখিনিৰ মূল্য প্রায় ২৪ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে যোৱানিশা এখন গহণাৰ দোকানৰ লগতে তিনিজন লোকৰ ঘৰত অভিযান চলাই...

November 10, 2025 7:27 PM

views 36

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলৰ প্ৰতিবাদী সমদল

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলে প্ৰতিবাদী সমদল উলিয়ায়। পুৰণি আদালত চৌহদৰ পৰা উলিওৱা এই সমদল কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় ...

November 10, 2025 7:21 PM

views 48

গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ কৰে। এই অভিযানৰ অধীনত আজি প্ৰথম কিস্তি হিচাপে ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হয়। দ্বিতীয় কিস্তিত ২৫ হাজাৰ আৰু তৃতীয় কিস্তিত ৫০ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব বুলি ম...

November 10, 2025 7:18 PM

views 70

শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব

প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব । কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজিত জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক অনুষ্ঠানত জুবিন গাৰ্গে কণ্ঠদান কৰা ভক...

November 10, 2025 7:15 PM

views 70

লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত যোৱা ১ নৱেম্বৰৰ পৰা লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিছে। এই উপলক্ষে আজি বিয়লিৰ ভাগত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰ...

November 10, 2025 6:30 PM

views 55

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।