কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলে প্ৰতিবাদী সমদল উলিয়ায়। পুৰণি আদালত চৌহদৰ পৰা উলিওৱা এই সমদল কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ পুৰণি আদালত চৌহদলৈ ঘূৰি আহে। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায়। আদালত স্থানান্তৰৰ বিৰোধিতাৰে কাইলৈ গুৱাহাটী উকীল সন্থাই আদালত বর্জন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | November 10, 2025 7:27 PM | Akashvani | Akashvani Guwahati | Akashvani News
কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলৰ প্ৰতিবাদী সমদল