ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত যোৱা ১ নৱেম্বৰৰ পৰা লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিছে। এই উপলক্ষে আজি বিয়লিৰ ভাগত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত ড° গোস্বামীয়ে সময়ৰ প্ৰত্যাহ্বান নেওচি গ্ৰন্থৰ জনপ্ৰিয়তা অটুত আছে বুলি উল্লেখ কৰে। এই গ্ৰন্থমেলাৰ ১০ দিনত ৪০ৰ পৰা ৪৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। আজি সামৰণি অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক পুৰস্কৃত কৰা হয়। এই প্ৰতিযোগিতাত উত্তৰ লখিমপুৰৰ পানীন্দ্ৰ বিদ্যালয়ে প্রথম, শংকৰদেৱ শিশু বিদ্যা নিকেতনে দ্বিতীয়, জিনিয়াছ একাডেমী লখিমপুৰে তৃতীয় আৰু বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰিছে।
Assamese | November 10, 2025 7:15 PM | Akashvani | Akashvani Guwahati | Assam Book Fair
লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি