আঞ্চলিক সংবাদ

December 21, 2025 11:39 AM

views 48

অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিৰ ৰাষ্ট্ৰীয় জীৱ-জন্তু জীনিয় সমল ব্যুৰ’ৰ স্বীকৃতি লাভ

অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় জীৱ-জন্তু জীনিয় সমল ব্যুৰ'ৰ স্বীকৃতি লাভ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ড০ গালীব উজ জামানৰ নেতৃত্বত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰকল্পৰ অধীনত চলোৱা প্ৰায় ২৫ বছৰীয়া গৱেষণাৰ অন্তত ...

December 21, 2025 11:27 AM

views 37

গৱেষণামূলক অধ্যয়নৰ ক্ষেত্ৰখনক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া তথা ইংৰাজী বিভাগৰ মাজত বুজাবুজিৰ চুক্তি

গৱেষণামূলক অধ্যয়নৰ ক্ষেত্ৰখনক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা চমুকৈ আবিলাক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া তথা ইংৰাজী বিভাগৰ মাজত শেহতীয়াকৈ এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়। এই বুজাবুজিৰ চুক্তিখনে মূলতঃ অনুবাদ অধ্যয়ন, পূৰ্বোত্তৰ ভাৰতৰ থলুৱা ভাষাসমূহৰ সংৰক্ষণ, বি...

December 21, 2025 11:20 AM

views 67

গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰা...

December 21, 2025 10:47 AM

views 44

একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্য চৰকাৰে একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক একত্ৰিকৰণ আৰু প্ৰাদেশীকিকৃত কৰণৰ পাছত খালী হৈ থকা বিদ্যালয়ৰ ভূমি আৰু ভৱন সমূহৰ সুৰক্ষ...

December 20, 2025 7:06 PM

views 46

স্বনামধন্য ক্রিকেট খেলুৱৈ নৱ কমল ভূঞাৰ আজি পুৱা দেহাৱসান

স্বনামধন্য ক্রিকেট খেলুৱৈ নৱ কমল ভূঞাৰ আজি পুৱা চেন্নাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। উল্লেখযোগ্য যে অসমৰ হৈ প্রয়াত ভূঞাই প্রথম ৰঞ্জী ট্ৰফী প্রতিযোগিতাত অংশ লৈছিল। উল্লেখযোগ্য যে প্রথমখন ৰঞ্জী ট্ৰফী খেলত যোৰহাট ষ্টেডিয়ামত হোল্কাৰ ষ্টেটৰ বিৰুদ্ধে প্ৰথমটো ৰাণ কৰি ইতিহাস সৃষ্টি কৰি...

December 20, 2025 7:03 PM

views 27

জোনাইৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

ধেমাজি জিলা আবকাৰি বিভাগ আৰু জোনাই সমজিলা আবকাৰি বিভাগে যৌথভাৱে অভিযান চলাই যোৱা নিশা জোনাই বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম-অৰুণাচল সীমান্তৰ কেইবাটাও অঞ্চলত অভিযান চলাই দলটোৱে এই ব্যৱসায়ৰ লগত জড়িত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজনক বর্...

December 20, 2025 7:02 PM

views 52

নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে'লপথত আজি পুৱতি নিশা ৰেলৰ খুন্দাত ৭ টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। তেঁও এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বন বিভাগ আৰু ৰেল কর্তৃপক্ষক আলোচনামর্মে যাৱতীয় ব্যৱস্থা গ্...

December 20, 2025 6:57 PM

views 47

তিনিচুকীয়াত কাইলৈৰ পৰা অসমী চৰচ মেলা

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ চৰচ মেলা কাইলৈৰ পৰা ৩০ ডিচেম্বৰলৈ তিনিচুকীয়া জিলাত অনুষ্ঠিত হ'ব। চৰচ মেলাত দেশৰ বিভিন্ন ৰাজ্যৰ হস্তশিল্প, মৃৎ শিল্প, কাঠ শিল্প সামগ্রীকে ধৰি খাদী, টেৰাকোটা সামগ্ৰীৰ ২৫ খন বিশেষ বিপণী থাকিব। তদুপৰি অসমৰ মুগা শিল্প, জি আই টেগযুক্ত পানীমেটেকাৰ সামগ্ৰী, বাঁহ-বেতৰ সামগ্...

December 20, 2025 6:43 PM

views 44

২০ দিনীয়া অচলাৱস্থাৰ অন্তত অসম সমবায় মৰাপাট কলত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ

কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটত ২০ দিনীয়া অচলাৱস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ হ'ব। চনু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী প্রকাশ পুৰোহিতক মৰাপাট কল পৰিচালনাৰ দায়িত্ব অর্পণ কৰা হৈছে। মৰাপাট যোগানকাৰীৰ সৈতে হোৱা বৈঠকত দ্বিতীয় গোটটোৰ উৎপাদন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ...

December 20, 2025 6:42 PM

views 28

বজালী জিলাৰ পাটাছাৰকুছিত এটা ধান ক্রয় কেন্দ্ৰ মুকলি

 অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত আজি বজালী জিলাৰ পাটাছাৰকুছিত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত উপাসনা দত্তই এই কেন্দ্ৰ মুকলি কৰে। তেওঁ কয় যে এই কেন্দ্ৰৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হ'ব। অনুষ্ঠানত কৃষি বিভাগৰ কেইবাজনো জ্যেষ্ঠ বিষয়াকে ধৰি স্থানীয় কৃষক উপস্থিত থাক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।