আন্তৰ্জাতিক সংবাদ

September 21, 2025 8:50 PM

views 57

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত হৈছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্রী আব্দেলতিফ লৌদিয়িৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ দেশখনলৈ ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ ভ্ৰমণ হিচাপে বিবেচিত শ্রীসিঙৰ এই ভ্রমণসূচীয়ে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সহযোগিতা...

September 21, 2025 11:06 AM

views 60

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন H-IB ভিছা নীতি সন্দৰ্ভত হোৱাইট হাউছৰ বিশেষ স্পষ্টীকৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন H-IB ভিছা নীতি সন্দৰ্ভত প্রযুক্তিগত উদ্যোগতখণ্ডত সৃষ্টি কৰা উদ্বেগ আৰু বিভ্ৰান্তি দূৰ কৰাৰ উদ্দেশ্যে হোৱাইট হাউছে বিশেষ স্পষ্টীকৰণ জাৰি কৰিছে। সেই অনুসৰি কেৱল নতুন আৱেদনকাৰীসকলৰ বাবেহে এবাৰৰ বাবে এশ হেজাৰ ডলাৰৰ মাচুল আৰোপ কৰা হৈছে। আজিৰে পৰা এই নতুন নীতি কার্যকৰী কৰাৰ কেইঘ...

September 17, 2025 12:24 PM

views 57

ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প ব্ৰিটেইনত উপস্থিত

ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প কালি নিশা ব্ৰিটেইনত উপস্থিত হয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্রাম্পে এই ভ্রমণক বৃহত পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ দ্বাৰা ব্ৰিটিছ ৰাজতন্ত্ৰ আৰু চৰকাৰৰ মাজত উচ্চ স্তৰীয় সংযোগ হব বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপ...

September 17, 2025 12:09 PM

views 61

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে টেলিফোনেৰে কথা পাতে। শ্রীট্রাম্পে প্রধানমন্ত্রী মোদীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰত আৰু আমেৰিকাৰ ব্যাপক আৰু গোলকীয় অংশীদাৰিত্ব নতুন শিখৰলৈ লৈ যোৱাৰ বাবে ট্রাম্পৰ ...

September 13, 2025 8:49 PM

views 51

ম্যানমাৰত বিমানেৰে কৰা আক্ৰমণত ১৯জন শিক্ষার্থী নিহত, ২০জন গুৰুতৰভাৱে আহত

ম্যানমাৰৰ পশ্চিম ৰাখিনে ৰাজ্যৰ ক্যাওকট' চহৰৰ দুখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত যোৱা নিশা সংঘটিত হোৱা বিমান আক্ৰমণত ১৯ জন শিক্ষার্থী নিহত হোৱাৰ লগতে ২০জন গুৰুতৰভাৱে আঘাটপ্রাপ্ত হৈছে। আৰাকান সেনা আৰু দেশখনৰ সাহায্য সংস্থাৰ মতে, নিশা ছাত্র-ছাত্রীসকল শুই থকাৰ সময়তে এই আক্রমণ সংঘটিত হৈছিল। ১৫ৰ পৰা ২১ বছৰ ব...

September 12, 2025 12:31 PM

views 459

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বিশ্বৰ গুৰুত্বপূৰ্ণ সম্পর্কসমূহৰ অন্যতম বুলি মন্তব্য ছৰ্জিঅ’ গ’ৰৰ

নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রদূত হিচাপে মনোনিত ছৰ্জিঅ' গ'ৰে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বিশ্বৰ গুৰুত্বপূৰ্ণ সম্পর্কসমূহৰ অন্যতম বুলি মন্তব্য কৰিছে। দেশখনৰ উচ্চ সদন চিনেটত নিজৰ নিযুক্তিৰ সময়ত শ্ৰীগ'ৰে, ভাৰতক দেশখনৰ কৌশলগত সহযোগী বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰতৰ ভৌগোলি...

September 12, 2025 12:29 PM

views 63

ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেয়ৰ বোল্‌ছোনাৰোক ২৭ বছৰৰো অধিক কাৰাদণ্ডৰে দণ্ডিত

ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেয়ৰ বোল্‌ছোনাৰোক সামৰিক অভুত্থানৰ ষড়যন্ত্ৰ ৰচনা কৰা আৰু দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰাৰ প্ৰয়াসৰ অভিযোগত ২৭ বছৰৰো অধিক কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। দেশখনৰ উচ্চতম ন্যায়ালয়ে ২০১৮ চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বোল্‌ ছানাৰোক ২০২২ চনত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতো...

September 10, 2025 8:03 PM

views 58

ফ্ৰান্সত চৰকাৰ বিৰোধী প্ৰতিবাদত ৰাজপথ উত্তাল

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু তেওঁৰ চৰকাৰ বিৰোধী প্ৰতিবাদত দেশখনৰ ৰাজপথ উত্তাল হৈ পৰিছে। ছেবাষ্টিয়ান লেক্রানক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়াৰ পাছতে ফ্ৰাসৰ জনসাধাৰণে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। ফ্ৰান্স প্রশাসনে এতিয়ালৈকে ২০০ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়া পৰিস্থিতি...

September 7, 2025 9:07 PM

views 59

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই পদত্যাগ কৰাৰ সিদ্ধান্ত

শাসকীয় লিবাৰেল ডেম'ক্রেটিক পাৰ্টি (LDP)ৰ ভিতৰত বিভাজন ৰোধ কৰাৰ উদ্দেশ্যে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। LDP নেতৃত্বাধীন মিত্ৰজোঁটে জুলাই মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পাছত উচ্চ সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। ইছিবাই নিৰ্বাচনত তেওঁৰ LDP নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰাজয়...

September 7, 2025 9:02 PM

views 41

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেত্ৰুৰ সৈতে ইউক্রেইনৰ সংঘাত তথা বিভিন্ন দ্বিপাক্ষিক বিষয়ত মত বিনিময়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্রেইনৰ সংঘাত শীঘ্ৰে সমাধানৰ হকে প্রচেষ্টা গ্ৰহণ কৰাকে ধৰি বিভিন্ন বিষয় লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেত্ৰুৰ সৈতে মত বিনিময় কৰিছে। দুয়োগৰাকী নেতাৰ মাজত কালি টেলিফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত আন্তৰাষ্ট্ৰীয় আৰু আঞ্চলিক দিশৰ পৰা গুৰুত্বপূৰ্ণ বহু বিষয়ৰ স্থান লাভ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।