ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ আৰু তেওঁৰ চৰকাৰ বিৰোধী প্ৰতিবাদত দেশখনৰ ৰাজপথ উত্তাল হৈ পৰিছে। ছেবাষ্টিয়ান লেক্রানক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়াৰ পাছতে ফ্ৰাসৰ জনসাধাৰণে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। ফ্ৰান্স প্রশাসনে এতিয়ালৈকে ২০০ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশখনৰ প্ৰতিখন চহৰত প্ৰায় ৮০ হাজাৰ আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰতিবাদকাৰীয়ে ৰাজপথত অগ্নিসংযোগ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে। পেৰিচ আৰু অন্যান্য চহৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। ফ্ৰান্সৰ ৰাজধানী চহৰত প্ৰতিবাদকাৰীয়ে এখন যাত্রীবাহী বাছত অগ্নিসংযোগ কৰাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ৰে’লসেৱাও বন্ধ হৈ পৰিছে।
Assamese | September 10, 2025 8:03 PM | France Situation
ফ্ৰান্সত চৰকাৰ বিৰোধী প্ৰতিবাদত ৰাজপথ উত্তাল