প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্রেইনৰ সংঘাত শীঘ্ৰে সমাধানৰ হকে প্রচেষ্টা গ্ৰহণ কৰাকে ধৰি বিভিন্ন বিষয় লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেত্ৰুৰ সৈতে মত বিনিময় কৰিছে। দুয়োগৰাকী নেতাৰ মাজত কালি টেলিফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত আন্তৰাষ্ট্ৰীয় আৰু আঞ্চলিক দিশৰ পৰা গুৰুত্বপূৰ্ণ বহু বিষয়ৰ স্থান লাভ কৰে। আলোচনাৰ সময়ত শ্ৰী মোদীয়ে ইউক্রেইন সংঘাতৰ শান্তিপূর্ণ সমাধান তথা শান্তি আৰু স্থিৰতাৰ পৰিস্থিতি পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ বিষয়ে দোহাৰে। শ্ৰী মোদীয়ে কয় যে, ভাৰত আৰু ফ্ৰান্সৰ মাজৰ কৌশলগত সহযোগিতাই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি আৰু স্থিৰতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱৰ সন্দৰ্ভত অহা বছৰ ফেব্ৰুৱাৰীত ভাৰতত আয়োজিত শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ নিমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী মেক্ৰক ধন্যবাদ জনায়।
Assamese | September 7, 2025 9:02 PM | Modi-Macro telephonic talk
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেত্ৰুৰ সৈতে ইউক্রেইনৰ সংঘাত তথা বিভিন্ন দ্বিপাক্ষিক বিষয়ত মত বিনিময়