January 31, 2025 6:53 PM | Budget 2025

printer

কাইলৈ লোকসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কাইলৈ লোকসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৱা বছৰ সমূহৰ দৰে এইবাৰো পৃথকে কোনো ৰে‘ল বাজেট উত্থাপন কৰা নহয়। মূল কেন্দ্রীয় বাজেটতে বিত্তমন্ত্ৰী সীতাৰমণে ৰে‘ল বিভাগৰ বাবে পৰৱৰ্তী বিত্তীয় বছৰৰ আয়-ব্যয়ৰ খতিয়ান আৰু আঁচনি দাঙি ধৰিব। বিত্ত মন্ত্ৰীৰে কাইলৈ বাজেট দাখিল কৰি সদনত দিয়া ভাষণ আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাত দিনৰ ১০ বাজি ১০ মিনিটৰ পৰা এই বাজেট ভাষণ প্ৰচাৰিত হ‘ব। বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পাছতে আমাৰ দিনৰ এক বাজি ৪০ মিনিটত প্ৰচাৰিত হ‘বলগীয়া বাতৰি প্ৰচাৰিত হ‘ব। এই পোনপটীয়া অনুষ্ঠানৰ বাবে আমাৰ কাইলৈ দুপৰীয়া ১২ বাজি ৫ মিনিটৰ বাতৰি প্ৰচাৰিত নহয় ৷

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি দুই মিনিটত দৃষ্টিপাতত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ মফিদুল হাছান, ষ্টাৰ্ট আপ উদ্যামী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰজ্যোতি হালৈয়ে অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে ।