সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ প্ৰবীণ বড়ো আৰু দ্বীপজ্যোতি চহৰীয়াই কংগ্ৰেছ দল ত্যাগ কৰি আজি বড়োলেণ্ড পিপলছ পাৰ্টী চমুকৈ বিপিএফত যোগদান কৰে। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত চিৰাঙৰ শ্যাম থাইবাৰী বাথৌ খেৰাই ৰিজৰ্টত এই দুয়োজন নেতাই বিপিএফত যোগদান কৰে। ইপিনে, এখন সংবাদমেলত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়, যে বিপিএফ দল শাসনলৈ আহিলে বিটিআৰৰ যুৱক-যুৱতীৰ কল্যানৰ বাবে ১০০ কোটি টকা ব্যয় কৰা হ’ব। এই সংবাদমেলতে শ্রীমহিলাৰীয়ে দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু অভিৱৰ্তন অহা ১৯ আৰু ২০ জানুৱাৰীত কোকৰাঝাৰ আৰু বেংতলত অনুষ্ঠিত হ’ব বুলিও প্ৰকাশ কৰে।
Assamese | January 16, 2025 7:56 PM | bpf joning prabin boro deepjyoti
আছুৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ প্ৰবীণ বড়ো আৰু দ্বীপজ্যোতি চহৰীয়াৰ বিপিএফত যোগদান