আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বাতৰি সঞ্চালক বিৰাজ দাসে আজি ৮৯ বছৰ সম্পূৰ্ণ কৰিছে। অনাতাঁৰ বাতৰিক অতি উচ্চ মানলৈ নিবলৈ সমৰ্থ হোৱা এইগৰাকী ব্যক্তিয়ে অৱসৰৰ পাছতো আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াইছিল আৰু এতিয়াৰ প্ৰজন্মই বাতৰি সম্পাদক আৰু বাতৰি পঢ়োঁতাসকলে বিৰাজ দাসৰ পৰা সাংবাদিকতাৰ বহু খুটি-নাটি আহৰণ কৰিবলৈ সমৰ্থ হৈছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ নেতৃত্বত বিভাগৰ এটা প্ৰতিনিধি দলে আজি বিৰাজ দাসৰ ঘৰলৈ গৈ তেওঁক জন্মদিনৰ শুভেচ্ছা জনায়। বর্ষীয়ান সাংবাদিকগৰাকীয়ে আজি জন্মদিনৰ কেক কাটি অভ্যাগতসকলৰ সৈতে শুভেচ্ছা বিনিময় কৰে। বাতৰি বিভাগৰ দলটোত আছিল বাতৰি পৰিবেশক অৰূপ কুমাৰ শৰ্মা, অৰুণিমা গোস্বামী, উৎপল কুমাৰ দাস, নিৰূপমা বৰঠাকুৰ, পুলক গগৈ আৰু জিণ্টিৰাণী ডেকা। আকাশবাণীৰ প্রাক্তন বাতৰি পৰিবেশিকা তথা বৰ্তমান মৰিগাওঁ জিলাৰ জনসংযোগ বিষয়া পম্পী দেৱীয়েও আজি বিৰাজ দাসক জন্মদিনৰ শুভেচ্ছা জনায়।
Assamese | August 19, 2025 7:08 PM | biraj das
আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বাতৰি সঞ্চালক বিৰাজ দাসৰ ৮৯ বছৰীয়া জন্মদিন পালন