February 7, 2025 10:49 AM

views 34

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ৪ উইকেটত জয়লাভ

নাগপুৰৰ বিধৰ্ভ ক্রিকেট এছোছিয়েছন ষ্টেডিয়ামত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ ৩ খনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। ইংলেণ্ডে প্রথমে বেট ধৰি ৪৭ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৮ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৩৮ অভাৰ আৰু ৪টা বলত ...

February 7, 2025 10:42 AM

views 48

প্ৰয়াগৰাজত নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ডিজিটেল প্ৰদৰ্শনী

প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত জনসাধাৰণৰ মাজত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন ডিজিটেল প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে...

February 7, 2025 10:39 AM

views 24

গ্ৰীচৰ বৈদেশিক মন্ত্ৰীৰে মন্ত্ৰী ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক আলোচনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু গ্ৰীচৰ বৈদেশিক মন্ত্ৰী জৰ্জ জেৰাপেট্রিটিজে কালি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পাৰিক স্বার্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত নিজৰ মত বিনিময় কৰে। বৈঠকৰ সময়ত জয়শংকৰে ভাৰত-গ্ৰীচৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰি কয়, যে ভ...

February 7, 2025 10:33 AM

views 41

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগচেথৰ মাজত বিশেষ আলোচনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগচেথৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। টেলিফোন যোগে হোৱা বাৰ্তালাপত দুয়ো স্থল, বায়ু, সামুদ্ৰিক আৰু মহাকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়সমূহ পর্যালোচনা কৰে। এই বাৰ্তালাপতে শ্রীসিঙে আমেৰিকা প্ৰত...

February 7, 2025 10:31 AM

views 35

ভাৰত-স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক সমাপ্ত

ভাৰত আৰু স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মাজত যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত দুয়ো পক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ গতি-বিধি পর্যালোচনা কৰাৰ উপৰি সামুদ্রিক ক্ষেত্ৰকে ধৰি বিভিন্ন যৌথ কাৰ্যসূচীক লৈ আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰি...

February 7, 2025 10:27 AM

views 44

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। ভোটগণনাৰ বাবে সকলো যাৱতীয় প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া আৰ এলিছ বাজে কয়, যে আটাইকেইটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী তথ্যপাতিসমূহ চালি জাৰি চোৱা হৈছে। তেওঁ কয়, যে এই প্ৰক্ৰিয়াৰ সময়ছোৱাত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি প্ৰাৰ্থী...

February 6, 2025 7:38 PM

views 41

কেন্দ্ৰীয় গৃহ আৰু সামবায় মন্ত্রী অমিত শ্বাহৰ ছত্তীশগড় ভ্ৰমণ

কেন্দ্ৰীয় গৃহ আৰু সামবায় মন্ত্রী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ডংগাৰগড় অঞ্চলৰ চন্দ্ৰগিড়ি তীৰ্থত আচার্য বিদ্যাসাগৰ জী মহাৰাজৰ প্ৰথমা সমাধি স্মৃতি মহোৎসৱ আৰু শ্ৰী এক হাজাৰ আঠ সিদ্ধচক্র বিধান বিশ্বশান্তি মহাযজ্ঞত অংশগ্ৰহণ কৰে। চন্দ্ৰগিড়ি তীর্থ ভ্ৰমণৰ সময়ত শ্ৰী শ্বাহে মহামুনিৰাজৰ সমাধিত শ্ৰদ্ধাঞ্জলি ...

February 6, 2025 7:35 PM

views 54

আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ : মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয়, যে আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ। তেওঁ কয়, যদিহে নিজৰ দেশৰ লোক অন্য দেশত অবৈধভাৱে বসবাস কৰে তেন্তে সেয়া আন্তঃৰাষ্ট্ৰীয় আইনমতে সাধাৰণভাৱে গ্ৰহণযোগ্য নীতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় নাগৰিকক বিতাড়ণ সন্দৰ্ভত ৰাজ্যখনত বক্তব্য প্ৰদা...

February 6, 2025 7:24 PM

views 62

কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল

কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ'ব। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্‌ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শিত হ'ব। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-প...

February 6, 2025 7:20 PM

views 41

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমদিনা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপন কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে আজি প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে। আজি নামঘৰৰ তোৰণ উ...