February 7, 2025 10:27 AM | Delhi Election Counting

printer

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ’ব। ভোটগণনাৰ বাবে সকলো যাৱতীয় প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া আৰ এলিছ বাজে কয়, যে আটাইকেইটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী তথ্যপাতিসমূহ চালি জাৰি চোৱা হৈছে। তেওঁ কয়, যে এই প্ৰক্ৰিয়াৰ সময়ছোৱাত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি প্ৰাৰ্থীৰ লগতে নির্বাচনী বিষয়া সকলো উপস্থিত আছিল। এই প্ৰক্ৰিয়াৰ সময়ছোৱাত কোনো এগৰাকী প্ৰাৰ্থীয়ে অভিযোগ দিয়া নাই। ইলেকট্রনিক ভোটিং মেচিন, ই ভি এমসমূহ নিৰ্বাচনী আয়োগ আৰু আৰক্ষী বিষয়াসকলৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে। ভোটগণনাৰ বাবে দিল্লীৰ ১১ খন জিলাত ১৯টা কেন্দ্ৰ স্থাপন কৰা হৈছে। তেওঁ কয়, যে এই ভোটগণনাৰ বাবে ১২ হাজাৰ লোকক নিয়োগ কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।