নাগপুৰৰ বিধৰ্ভ ক্রিকেট এছোছিয়েছন ষ্টেডিয়ামত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ ৩ খনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। ইংলেণ্ডে প্রথমে বেট ধৰি ৪৭ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৮ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৩৮ অভাৰ আৰু ৪টা বলত ৬টা উইকেটৰ বিনিময়ত ২৫১ ৰান কৰি বিজয় লক্ষ্যত উপনীত হয়। এই বিজয়েৰে ভাৰতে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিলে। শৃংখলাৰ দ্বিতীয়খন খেল পৰহিলৈ কটকত অনুষ্ঠিত হ’ব।
Assamese | February 7, 2025 10:49 AM | Cricket
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ৪ উইকেটত জয়লাভ