কেন্দ্ৰীয় গৃহ আৰু সামবায় মন্ত্রী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ডংগাৰগড় অঞ্চলৰ চন্দ্ৰগিড়ি তীৰ্থত আচার্য বিদ্যাসাগৰ জী মহাৰাজৰ প্ৰথমা সমাধি স্মৃতি মহোৎসৱ আৰু শ্ৰী এক হাজাৰ আঠ সিদ্ধচক্র বিধান বিশ্বশান্তি মহাযজ্ঞত অংশগ্ৰহণ কৰে। চন্দ্ৰগিড়ি তীর্থ ভ্ৰমণৰ সময়ত শ্ৰী শ্বাহে মহামুনিৰাজৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই উপলক্ষে আয়োজিত সভাত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে সত্য, অহিংসা আৰু দানৰ মূল্য বৰ্তাই ৰাখি সমাজখনক একত্ৰিত কৰাৰ বাবে আচাৰ্য বিদ্যাসাগৰ জী মহাৰাজক প্ৰশংসা কৰে৷
অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেউ ছাই আৰু উপ-মুখ্যমন্ত্রী বিজয় শর্মাও উপস্থিত থাকে।
Assamese | February 6, 2025 7:38 PM | Amit Shah Visit
কেন্দ্ৰীয় গৃহ আৰু সামবায় মন্ত্রী অমিত শ্বাহৰ ছত্তীশগড় ভ্ৰমণ