প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত জনসাধাৰণৰ মাজত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন ডিজিটেল প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ভাৰতীয় ন্যায় ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তন কৰি যোৱা বছৰৰ পহিলা জুলাইৰ পৰা এই নতুন আইন কেইখন ৰূপায়ণ কৰা হৈছে ।
Assamese | February 7, 2025 10:42 AM | New Law
প্ৰয়াগৰাজত নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ডিজিটেল প্ৰদৰ্শনী