১০০ সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযানৰ অংশস্বৰূপে দেশৰ ১০৬৭টা স্থানত ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ

‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম ১০০ সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযান’ৰ অংশস্বৰূপে আজি দেশজুৰি বিশাল যুৱ জাগৰণ কাৰ্যসূচী আয়োজন কৰা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, এই উপলক্ষে দেশৰ ১,০৬৭ টা স্থানত ‘ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ’ অনুষ্ঠিত হ’ব। এই কাৰ্যসূচী দেশৰ ৪৭১ টা জিলা ‘মাই ভাৰত’ কাৰ্যালয় আৰু সহযোগী সংগঠনসমূহৰ আন ৫৯৬ টা স্থানত অনুষ্ঠিত হ’ব।

এই সমাৰোহৰ জৰিয়তে নিচামুক্ত হোৱাৰ সংকল্প গ্রহণ, স্বাক্ষৰ অভিযান, বিষয়বস্তুভিত্তিক বাটৰ নাট, শ্লোগান লিখন আৰু যুৱ নেতৃত্বাধীন আলোচনাৰ মাধ্যমেৰে অভিযানৰ বাৰ্তা পোনপটীয়াকৈ যুৱ প্ৰজন্মৰ কাষলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব।

মন্ত্রালয়ে উল্লেখ কৰা অনুসৰি, চৰকাৰী যুৱ প্রতিষ্ঠান, আধ্যাত্মিক সংগঠন, শীর্ষ ব্যৱসায়িক প্রতিষ্ঠান, মহাবিদ্যালয় আৰু স্থানীয় সংস্থাসমূহক সামৰি গঢ়ি তোলা এটা বিশাল ৰাষ্ট্ৰীয় নেটৱৰ্কৰ জৰিয়তে এই পদক্ষেপৰ পৰিকল্পনা কৰা হৈছে।

কালি দেশজুৰি মুকলি কৰা এই অভিযানৰ নতুন পৰ্যায়ৰ পাছতে আজিৰ এই সমাৰোহে স্বাস্থ্যকৰ আৰু নিচামুক্ত ভৱিষ্যত গঢ়াৰ যৌথ সংকল্পৰে যুৱ সমাজ আৰু সহযোগী অনুষ্ঠানসমূহক একত্রিত কৰিব।