March 6, 2025 6:49 PM

views 63

বিশ্বৰ বৈদ্যুতিন খণ্ডত ভাৰতে নিজৰ স্থিতি সবল কৰি তুলিছে বুলি অশ্বিনী বৈষ্ণৱৰ এটা লেখাত প্ৰকাশ

ছফ্‌টৱেৰৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে বহু আগেয়ে আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব বহন কৰিছিল, কিন্তু বৰ্তমান হাৰ্ডৱেৰ নিৰ্মাণৰ ক্ষেত্ৰতো দেশ দ্রুত গতিত আগবাঢ়িছে। ৫টা নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ জৰিয়তে বিশ্বৰ বৈদ্যুতিন খণ্ডত ভাৰতে নিজৰ স্থিতি সবল কৰি তুলিছে। কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী...

March 6, 2025 6:47 PM

views 35

উত্তৰাখণ্ডৰ শীতকালীন পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শীতকালত উত্তৰাখণ্ড ভ্ৰমণ কৰিবলৈ আহ্বান জনাই কয়, যে দেশৰ বাকী অংশসমূহ যেতিয়া কুঁৱলীয়ে আৱৰি থাকে, তেতিয়া সমগ্ৰ উত্তৰাখণ্ড ৰ'দৰ পোহৰত জলমলাই উঠে। উত্তৰকাশী জিলাৰ হাৰছিলত আজি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে শীতকালীন পৰ্যটনৰ গুৰুত্...

March 6, 2025 6:08 PM

views 58

অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে বুলি ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। বিধানসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি এইদৰে কয়। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত বর্তমানে থকা জনজাতিসমূহে লাভ কৰা সা-সুবিধাসমূহ কৰ্তন...

March 6, 2025 6:05 PM

views 39

ৰাজ্যত কোনো চৰকাৰী বিদ্যালয় বন্ধ কৰা হোৱা নাই বুলি বিধানসভাত শিক্ষামন্ত্রীৰ প্ৰকাশ

ৰাজ্যত কোনো চৰকাৰী বিদ্যালয় বন্ধ কৰা হোৱা নাই বুলি আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আব্দুল কালাম ৰছিদ আলমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে অসমত ২০২১- ২২ বৰ্ষত ৪৪ হাজাৰ ৮২৬ খন বিদ্যালয় আৰু ২০২৩-২৪ বৰ্ষত ৪৪ হাজাৰ ৭৪৩ খন বিদ্যালয় আছে। শিক্ষা ক্ষেত্ৰৰ আধাৰত সংলগ্নকৰণ, একত্ৰ...

March 6, 2025 6:04 PM

views 72

হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি বনমন্ত্ৰীৰ প্ৰকাশ

হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আফতাব উদ্দিন মোল্লাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে গোৱালপাৰা জিলাত চলিত বৰ্ষত হাতীৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু হৈছে। হাতী আৰু মানুহৰ সংঘাতৰ সম্ভাৱনা...

March 6, 2025 5:59 PM

views 65

কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনৰ বাণিজ্যিক বাহনৰ গৰাকীলৈ জিলা পৰিবহন বিভাগৰ জাননী প্ৰেৰণ

কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনৰ কৰ নিদিয়া বাণিজ্যিক বাহনসমূহৰ গৰাকীলৈ জিলা পৰিবহন বিভাগে ৩১ মাৰ্চৰ পূৰ্বে কৰ জমা দিবলৈ জাননী প্ৰেৰণ কৰিছে। বিগত এসপ্তাহ ধৰি বিভাগটোৰ বিষয়া- কৰ্মচাৰীসকলে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে গৈ জাননী দিয়াৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰ জমা দিবলৈ আহ্বান জনাইছে। ইয়াৰ ...

March 6, 2025 5:58 PM

views 65

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চ...

March 6, 2025 5:56 PM

views 70

আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত আৰু সংবাদ চলন্তিকা অনুষ্ঠান প্ৰচাৰ

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা তিনিগৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজ...

March 6, 2025 11:59 AM

views 63

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেটৰ দেওবাৰে চূড়ান্ত খেল

● আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।প্রতিযোগিতাৰ লাহোৰৰ গাড্ডাফি স্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতি...

March 6, 2025 11:55 AM

views 128

কালিৰে পৰা মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰা-ছিগা বিহু উদযাপন

● ৰাজ্যৰ মিচিং জনগোষ্ঠী বসতিপ্রধান বিভিন্ন অঞ্চলত কালিৰে পৰা জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰা-ছিগা বিহু উদযাপন কৰা হৈছে। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলমগাঁৱত কালিৰেপৰা তিনিদিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকর্...