January 22, 2025 8:26 PM

views 45

মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়ানৰ স্থান মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমধুপুৰ ধাম সত্ৰত বুঢ়িৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি...

January 22, 2025 8:24 PM

views 39

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান সম্পন্ন হয়। গুৱাহাটীত ৰাজ্যিক ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ তথা শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা ...

January 22, 2025 8:14 PM

views 52

ইডেন গার্ডেনছত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গার্ডেনছত বৰ্তমান চলি আছে। পাঁচখন খেলৰ এই শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় দলত প্রবীণ পেচ বলাৰ মহম্মদ ছামিৰ প্ৰত্যাৱৰ্তন ঘটিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ইংলেণ্ডে...

January 22, 2025 8:09 PM

views 27

প্ৰয়াগৰাজত উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত

প্ৰয়াগৰাজত আজি উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ অধ্যক্ষতাত এৰাইল অঞ্চলৰ ত্ৰিবেণী সংকুলত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নতিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

January 22, 2025 8:06 PM

views 46

দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা অনুষ্ঠানত দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। সমাগত দিল্লী বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কয় যে আম আদমী পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিব পৰা নাই। আম আদমী পাৰ্টীক ...

January 22, 2025 8:04 PM

views 52

কলকাতাৰ নন্দন ছবিগৃহত ১১ সংখ্যক ক’লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন

কলকাতাৰ নন্দন ছবিগৃহত আজি ১১ সংখ্যক ক'লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। পশ্চিম বংগ চৰকাৰৰ সম্প্ৰচাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু শিশু- কিশোৰ একাডেমীৰ উদ্যোগত চলিত মাহৰ ২৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত ৩০খন দেশৰ মুঠ ১১৬খন ছবি ক'লকাতাৰ নন্দন, একতাৰা মু...

January 22, 2025 8:02 PM

views 30

প্রধানমন্ত্ৰী মোদীয়ে ২৮ জানুৱাৰীত ভূৱনেশ্বৰৰ জনতা ময়দানত উৎকর্ষ ওড়িশাঃ মেক ইন ওড়িশা কনক্লেভ ২০২৫ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ জানুৱাৰীত ভূৱনেশ্বৰৰ জনতা ময়দানত উৎকর্ষ ওড়িশাঃ মেক ইন ওড়িশা কনক্লেভ ২০২৫ উদ্বোধন কৰিব। তেওঁ ভাৰতৰ লগতে প্ৰায় ১২খন দেশৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ সমাবেশত ভাষণ দিব। অহা ২৮ আৰু ২৯ জানুৱাৰীত হ'বলগীয়া এই দুদিনীয়া সন্মিলনখনত অস্ট্রেলিয়া, মালয়েছিয়া, ছিংগাপুৰ...

January 22, 2025 8:00 PM

views 41

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু ৩ জন লোক আক্ৰান্ত

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু তিনিজন লোক আক্ৰান্ত হোৱাৰ বাতৰি আহিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে কালি এজন ২৫ বছৰীয়া যুৱকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা পোৱাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। ...

January 22, 2025 7:55 PM

views 47

২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অহা ২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন কৰিছে। দেশৰ ১৩খন মহানগৰৰ লগতে শ্ৰীলংকাৰ কলম্বো আৰু নেপালৰ কাঠমাণ্ডুতো এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত টাইৱান, ৰাছিয়া, ইটালী, নেপাল, শ্রীলংকা আৰু অন্যান্য দেশৰ থিয়েটাৰ দলসমূহে অংশগ্ৰহণ কৰিব। এই বৰ্ষৰ মহ...

January 22, 2025 7:46 PM

views 50

২০২৫-২৬ বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। আজি নতুন দিল্লীত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ কথা সদৰি কৰে। তেওঁ কয় যে প্ৰতি কুইণ্টল কেঁচা মৰাপাটত ৫ হাজাৰ ৬৫০ ট...