January 22, 2025 7:43 PM

views 36

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ বিবাদ, অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ বিবাদ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া আয়ুক্তৰ মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত থকা অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল ৰাখিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠি...

January 22, 2025 7:38 PM

views 46

ভাৰত ম’বিলিটী গ্লোবেল এক্সপ’ ২০২৫ৰ প্ৰথম ৫ দিনত ৮ লাখৰো অধিক দৰ্শক আৰু ১,৫০০ৰো অধিক প্ৰদৰ্শক উপস্থিত

ভাৰত ম'বিলিটী গ্লোবেল এক্সপ’ ২০২৫ৰ প্ৰথম ৫ দিনত ৮ লাখৰো অধিক দৰ্শক আৰু ১,৫০০ৰো অধিক প্ৰদৰ্শক উপস্থিত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ৬-দিনীয়া এই এক্সপ'ই মটৰ গাড়ী নির্মাণ উদ্যোগৰ অত্যাধুনিক উদ্ভাৱন প্ৰদৰ্শনৰ ক্ষেত্ৰত সফল হৈছে। আকাশবাণীৰ সৈতে হোৱা বাৰ্তালাপত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অত...

January 22, 2025 7:38 PM

views 26

তুৰস্কৰ এখন হোটেলত হোৱা অগ্নিকাণ্ডৰ ঘটনাত নিহত লোকৰ সংখ্যা ৭৬ লৈ আৰু আহতৰ সংখ্যা ৫১ লৈ বৃদ্ধি

উত্তৰ-পশ্চিম তুৰস্কৰ এখন হোটেলত কালি হোৱা অগ্নিকাণ্ডৰ ঘটনাত নিহত লোকৰ সংখ্যা ৭৬ লৈ আৰু আহতৰ সংখ্যা ৫১ লৈ বৃদ্ধি পাইছে। তুৰস্কৰ অভ্যন্তৰীণ সুৰক্ষা বিষয়ক মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশখনৰ বলু প্ৰদেশৰ কাৰতালকায়া নামৰ ঠাইখনত থকা এই বিলাসী হোটেলখনত কালি পুৱতি নিশা প্ৰায়  ৩.৩০ বজাত জুই লাগে। জুই...

January 22, 2025 6:45 PM

views 49

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন

অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। এইবাৰৰ বাজেট অধিৱেশনত মুঠ ১৪টা কর্মদিন থাকিব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ ভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ'ব। ১৮ ফেব্ৰুৱাৰীত সদনৰ কাম-কাজ নাথাকিব। ১৯ ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী দিছপুৰৰ অ...

January 22, 2025 6:27 PM

views 47

জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিঃৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ ...

January 22, 2025 6:21 PM

views 52

নলবাৰীত ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীত ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয়, যে টাটা প্ৰতিষ্ঠানৰ সহযোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত হবলগীয়া এই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য শীঘ্ৰে ...

January 22, 2025 8:45 PM

views 45

৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূর্ণাংগ অধিৱেশন

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূর্ণাংগ অধিৱেশনখন অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বজালী জিলাৰ পাঠশালা নগৰৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আজি অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সিংহপুরুষ বাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এখন সংবাদমেলত অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত পাঠশালা অধিৱেশনৰ প্ৰচাৰ...

January 22, 2025 5:19 PM

views 44

নমো এপৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলৰ প্ৰচাৰৰ অংশ হিচাপে আজি নমো এপৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিছে। মেৰা বুথ চবচে মজবুত শ্লোগানেৰে কিছু সময়ৰ পূৰ্বে মত-বিনিময় অনুষ্ঠান আৰম্ভ হয়। প্রধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ দলৰ কাৰ্যকৰ্তাসকলে নিৰলস...

January 22, 2025 3:17 PM

views 40

ডাভোছত চুইজাৰলেণ্ডৰ ৰে’লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ডাভোছত চুইজাৰলেণ্ডৰ ৰে'লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে সুৰক্ষা প্ৰযুক্তি আৰু তদাৰক পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।

January 22, 2025 3:12 PM

views 46

পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা

পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ২-৩ বছৰৰ ভিতৰত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে বুলি খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী ছিৰাগ পাছোৱানে প্রকাশ কৰিছে। চুইজাৰলেণ্ডৰ ডাভ' ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠকত অংশ লোৱাৰ সময়তে কোম্পানীটোৰ সৈতে অনুষ্ঠিত আল...