ভাৰত ম’বিলিটী গ্লোবেল এক্সপ’ ২০২৫ৰ প্ৰথম ৫ দিনত ৮ লাখৰো অধিক দৰ্শক আৰু ১,৫০০ৰো অধিক প্ৰদৰ্শক উপস্থিত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ৬-দিনীয়া এই এক্সপ’ই মটৰ গাড়ী নির্মাণ উদ্যোগৰ অত্যাধুনিক উদ্ভাৱন প্ৰদৰ্শনৰ ক্ষেত্ৰত সফল হৈছে। আকাশবাণীৰ সৈতে হোৱা বাৰ্তালাপত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ৰাজেশ আগৰৱালাই কয়, যে এই মেলাত দৰ্শকৰ সামগ্রিক অংশগ্রহণ ছগুণতকৈও অধিক বৃদ্ধি পাইছে। শ্ৰীআগৰৱালাই কয় যে মটৰগাড়ী নির্মাণ উদ্যোগৰ ৩৪টা মূল সঁজুলি নিৰ্মাতা আৰু অটো কম্পোনেন্ট উদ্যোগৰ এহেজাৰৰো অধিক কোম্পানীয়ে এই এক্সপ’ত অংশগ্রহণ কৰে। তেওঁ লগতে কয়, যে জার্মানী, ব্রিটেইন, দক্ষিণ কোৰিয়া, জাপান, টাইৱানকে ধৰি ৫ হাজাৰৰো অধিক আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰী এই এক্সপ’ত উপস্থিত থাকে।
Assamese | January 22, 2025 7:38 PM | Bharat Mobility Global Expo 2025
ভাৰত ম’বিলিটী গ্লোবেল এক্সপ’ ২০২৫ৰ প্ৰথম ৫ দিনত ৮ লাখৰো অধিক দৰ্শক আৰু ১,৫০০ৰো অধিক প্ৰদৰ্শক উপস্থিত