ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অহা ২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন কৰিছে। দেশৰ ১৩খন মহানগৰৰ লগতে শ্ৰীলংকাৰ কলম্বো আৰু নেপালৰ কাঠমাণ্ডুতো এই মহোৎসৱ অনুষ্ঠিত হ’ব। মহোৎসৱত টাইৱান, ৰাছিয়া, ইটালী, নেপাল, শ্রীলংকা আৰু অন্যান্য দেশৰ থিয়েটাৰ দলসমূহে অংশগ্ৰহণ কৰিব। এই বৰ্ষৰ মহোৎসৱৰ এম্বেচাদৰ হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট অভিনেতা ৰাজপাল যাদৱৰ নাম বাছনি কৰা হৈছে।
Assamese | January 22, 2025 7:55 PM | akashbani | Delhi
২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন