ৰাজ্য চৰকাৰে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাছা আৰু দেউৰী ভাষাক জনগোষ্ঠীকেইটাৰ বসতিপ্রধান অঞ্চলসমূহত বুনিয়াদী শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ স্থানীয় ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত এয়া ৰাজ্য চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে আজি এই বিষয়ে অধিসূচনা জাৰি কৰে। বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ নিম্ন প্ৰাথমিক পৰ্যায়ৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ এই ভাষাসমূহক মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ সুবিধা প্ৰদানৰ বাবে ২০২৫-২৬ শিক্ষাবৰ্ষত বিদ্যালয়সমূহ বাছনি কৰা হৈছে। এই অনুসৰি মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰাৰ বাবে ২০০ খন বিদ্যালয় বাছনি কৰা হৈছে। এই বিদ্যালয়সমূহত শিক্ষা দানৰ বাবে মিচিং, অসমীয়া আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰা হ’ব। উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়তো মিচিং জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাতৃভাষাক ঐচ্ছিক বিষয় হিচাপে লৈ অধ্যয়ন কৰিব পাৰিব।
Assamese | February 19, 2025 7:00 PM | Assam Govt
বুনিয়াদী শিক্ষাৰ মাধ্যম হব জনগোষ্ঠীয় ৬ টা ভাষা: ৰাজ্য চৰকাৰৰ ঘোষণা