অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ ২১৮ জন লোকক উদ্ধাৰ কৰিছে। প্ৰশাসনে স্থাপন কৰা ২৬৯টা আশ্রয় শিবিৰত ৫৩ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। কেন্দ্রীয় জল আয়োগে প্রকাশ কৰা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ লগতে আন কেইবাখনো নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। বিগত ২৪ ঘণ্টাত অন্যান্য আন্তঃগাঁথনিৰ লগতে ১৭২টা পথ আৰু ৬ খন দলং ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানত ১৫ লাখৰো অধিক পশুধনৰ ক্ষতি হৈছে।
Assamese | July 8, 2024 6:41 PM | Assam Flood
ৰাজ্যত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি