গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্ত প্রদর্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধার্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্রই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধার্থ শর্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধার্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছিল সেই সম্পর্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধার্থ শর্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে।
Assamese | June 26, 2026 7:55 PM | Zubin Garg - HC
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদন নাকচ