মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি অসম বিধানসভা চৌহদত কেইবাটাও কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বিধানসভা চৌহদত কুইন্ছ ল’ন, বিধানসভাৰ লাইভ ষ্টুডিঅ‘, নেভা সেৱা কেন্দ্ৰ, মূল সভাকক্ষ আৰু নেচনেল ই-বিধান এপ্লিকেচনো মুখ্যমন্ত্ৰীয়ে মুকলি কৰে। বিধানসভাৰ কাম-কাজ ডিজিটেল আৰু কাগজবিহীন কৰি তোলাৰ ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত এই এপ মুকলি কৰা হৈছে। আনহাতে, নেভা এপ্লিকেচনৰ সহায়ত সমগ্ৰ সদনৰ কাম-কাজ সুন্দৰভাৱে পৰিচালনা কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ সহায়ত দেশৰ সকলো বিধি-বিধান একে সময়তে আৰু একেখন মঞ্চত লাভ কৰাটো সুচল হৈ উঠিব। আনহাতে, ইয়াৰ দ্বাৰা তথ্য সংগ্ৰহৰ বাবে জাননী প্ৰেৰণৰ প্রক্রিয়া সম্পূৰ্ণৰূপে নাইকিয়া হ‘ব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কেন্দ্ৰীয় চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ড° সত্য প্ৰকাশৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়কসকল উপস্থিত থাকে।
Assamese | August 12, 2024 7:00 PM
অসম বিধানসভা চৌহদত কেইবাটাও কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্রীৰ