মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেটৰ সিদ্ধান্তমর্মে দুর্গম অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ উদ্দেশ্যে এটা সুকীয়া সেৱা সেতু প’ৰ্টেল মুকলি কৰে। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেলত ড° শৰ্মাই কয়, যে ৰাজ্যৰ স্থায়ী বাসিন্দা তথা খিলঞ্জীয়া লোকসকলেহে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব। অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰীৰ বয়স ২১ বছৰ হ‘ব লাগিব। আবেদনকাৰীৰ বিৰুদ্ধে গোচৰ চলি থাকিলেও অনুজ্ঞাপত্র দিয়া নহ‘ব। মানসিক আৰু শাৰীৰিকভাৱে সুস্থ লোককহে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ‘ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ উপৰি বৈধ অস্ত্র চালনাৰ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ থকা লোকসকলেহে সেৱা সেতু প‘ৰ্টেলযোগে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ নোলোৱা ব্যক্তিক অনুজ্ঞাপত্ৰ প্ৰদানৰ পাছত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হ‘ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়। তেওঁ কয়, যে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রাক্তন সেনা বিষয়া, প্রাক্তন আৰক্ষী বিষয়াৰ দ্বাৰা অস্ত্র চালনাৰ প্ৰশিক্ষণ দিয়া হ‘ব। আবেদনৰ পাছত জিলা আয়ুক্তৰ কাৰ্যালয়ে তেওঁলোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। নিজক বিপদাপন্ন হ‘লেও নিজৰ সংস্কৃতি ৰক্ষা কৰা সাহসী ভাৰতীয়সকলৰ বাবে এই আঁচনিখন মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে। তেওঁ কয়, যে এই আঁচনিয়ে অসমৰ মাটি- ভেটি আৰু সংস্কৃতি ৰক্ষা কৰাত খিলঞ্জীয়াক সহায় কৰিব বুলি তেওঁ কয়।
Assamese | August 14, 2025 6:44 PM | arm licence
খিলঞ্জীয়া লোকসকলৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সুকীয়া সেৱা সেতু প’ৰ্টেল মুকলি