ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা ১৮গৰাকী সহকাৰী অভিযন্তাক আজি নিযুক্তিপত্ৰসমূহ প্ৰদান কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ দিছপুৰত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন তথা প্রশিক্ষণ কেন্দ্ৰত আজি পুৱা আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে বিগত বৰ্ষৰ ৭ অক্টোবৰপর্যন্ত ১ লাখ ২৫ হাজাৰ ৩০গৰাকী শিক্ষিত নিবনুৱাক নিযুক্তি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | January 20, 2025 8:13 PM | appoinment 18 engineer assam loknirman
ৰাজ্যৰ লোকনিৰ্মাণ বিভাগত নিযুক্তি লাভ কৰা ১৮গৰাকী সহকাৰী অভিযন্তাক নিযুক্তিপত্ৰ প্ৰদান