আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ যোৱা ৯ মে’ৰ পৰা বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হৈছে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীয়ে ইয়াৰ প্ৰতিঘণ্টাই প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰিৰ সময়সূচী ৫ মিনিটৰ পৰা ১০ মিনিটলৈ বৃদ্ধি কৰিছিল। সেই অনুসৰি আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত আঞ্চলিক বাতৰিৰ সময়সূচীৰো সালসলনি ঘটোৱা হৈছিল। আজিৰ পৰা পুৱাৰ আঞ্চলিক বাতৰি, নিশাৰ আঞ্চলিক বাতৰি আৰু দিনৰ ১১ বজা, বিয়লি ৩ বজা আৰু নিশা ৮ বজাৰ মুখ্য বাতৰি নিয়মীয়া সময় অনুসৰি প্ৰচাৰিত হ’ব।
Assamese | May 14, 2025 11:20 AM | air news bulletin new timing
আকাশবাণীৰ বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক