কামৰূপ জিলাৰ ক্ষেত্ৰীত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁ পত্নীৰ মৃত্যু হয়। দুৰ্ঘটনাত তেওঁলোকৰ ৮ বছৰীয়া কন্যাও আহত হয়। বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কন্যাগৰাকী চিকিৎসাধীন হৈ আছে। ইপিনে আজি বিয়লি দেৱ শৰ্মা আৰু তেওঁৰ পত্নীৰ মৃতদেহ দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্তী মেনাপাৰা বাসগৃহলৈ নিয়াৰ সময়ত শোকাকুল পৰিৱেশে বিৰাজ কৰে ।
Assamese | August 13, 2025 9:20 PM | accident kshetri
কামৰূপৰ ক্ষেত্ৰীত সংঘটিত পথ দুৰ্ঘটনাত ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মাসহ পত্নীৰ মৃত্যু, আহত কন্যা