চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ২২ জন মাওবাদী নিহত হৈছে। আজি পুৱাৰ ভাগত বিজাপুৰ জিলাৰ কাৰগুট্টা পাহাৰত নিৰাপত্তাৰক্ষীয়ে মাওবাদীলৈ লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰিছিল। এই অভিযানত চি আৰ পি এফ, জিলা সংৰক্ষিত বাহিনী, বিশেষ টাক্স ফ’ৰ্চ, আৰক্ষীকে ধৰি আন একাংশ নিৰাপত্তাৰক্ষী জড়িত হৈ আছে। আৰক্ষী আৰু চি আৰ পি এফৰ জ্যেষ্ঠ বিষয়াসকলে অহৰহভাৱে এই অভিযান নিৰীক্ষণ কৰি আছে। এই পর্যন্ত সেই স্থানৰ পৰা ২২ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
Assamese | May 7, 2025 9:12 PM | 22 Maoists killed in encounter with security forces in Chhattisgarh
চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ২২জন মাওবাদী নিহত