December 15, 2025 9:02 PM

views 40

কাছাৰৰ ৰংপুৰত শিলচৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ

কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে ৰংপুৰ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। আৰক্ষীয়ে এখন ট্রাকত অভিযান চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে প্ৰায় ৯০ হাজাৰটা বুলি প্ৰকাশ কৰা এই নিচাযুক্ত টেবলেটসমূহৰ বজাৰমূল্য আনুমানিক ২৬ কোটি টকা হ'ব বুলি প...

December 15, 2025 8:54 PM

views 43

মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰ ৰুজু

আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই চাৰিগৰাকী ক্রিকেট গ্ৰেপ্তাৰ হ'ব পাৰে। অসম ক্ৰিকেট সন্থাই এই চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল ক...

December 15, 2025 8:35 PM

views 51

ভাৰতীয় স্কোৱাচ দলৰ স্কোৱাচ বিশ্বকাপ খিতাপ দখল

ভাৰতীয় স্কোৱাচ খেলুৱৈৰ দলটোৱে ইতিহাস সৃষ্টি কৰি স্কোৱাচ বিশ্বকাপৰ খিতাপ দখল কৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দলটোৱে বিশ্বৰ শীৰ্ষস্থানীয় হংকঙক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিশ্বকাপ জয়ী ভাৰতীয়...

December 15, 2025 8:28 PM

views 33

অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ৰাষ্ট্ৰীয় গ্রীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ বজালীৰ বৰনগৰত উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্র স্থাপন

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ৰাষ্ট্ৰীয় গ্রীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বজালী জিলাৰ বৰনগৰত এটা উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্র স্থাপনৰ সিদ্ধান্ত লৈছে। বৰনগৰ কেন্দ্ৰটোৱে বঙাইগাঁও জিলাৰ চালাকাটিৰ শক্তিকেন্দ্ৰটোৰ বিকল্প ৰূপে কাম কৰিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি...

December 15, 2025 6:37 PM

views 27

দিল্লীত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে অসমৰ বিত্তীয় বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাত ৰাজ্যখনৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্...

December 15, 2025 6:33 PM

views 58

অসমৰ সংবাদ জগতৰ মহীৰূহ, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ প্রফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন

যোৱানিশা দেহাৱসান ঘটা অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা বর্ষীয়ান সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া গুৱাহাটী নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হয়। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পীযূষ হাজৰিকাই শেষকৃত্যথলীত উপস...

December 15, 2025 6:29 PM

views 30

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ'ব। আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। সেয়েহে কাইলৈৰ গুনানিৰ বাবে আদালতত ৭ অভিযুক্তকে নিয়ম অনুসৰি হা...

December 15, 2025 6:27 PM

views 60

গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে ‘আণ্ডাৰ দা শাল ট্রী’ নাট সমাৰোহ

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে চলিত বছৰৰ ‘আণ্ডাৰ দা শাল ট্রী’ নাট সমাৰোহ অনুষ্ঠিত হয়। প্রয়াত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংদুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত সম্পূর্ণ অভিনৱ শৈলীৰে প্ৰতিবছৰে শাল গছৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সমা...

December 15, 2025 6:25 PM

views 39

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্ত্বাৱধায়ক নিযুক্তি

ভাৰতীয় জনতা পাৰ্টিয়ে সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডাক নির্বাচনী তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। দলে লগতে বিধায়ক আৰু জম্মু-কাশ্মীৰ বিধানসভাত বিৰোধী দলৰ নেতা সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দর্শনা বেন জর্ডোছক এই নির্বাচনৰ সহ-তত্বাৱধায...

December 15, 2025 6:21 PM

views 48

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত পৰিষদৰ বিশেষ অধিবেশন

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ বিশেষ অধিবেশন অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত অধিবেশনত বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চলিত বিত্তীয় বৰ্ষৰ বাবে ১০০ কোটি টকাৰ পৰিপূৰক দাবী মঞ্জুৰি সদনত দাখিল কৰে। পাছত সদনে এই দাবীমঞ্জুৰ...