আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই চাৰিগৰাকী ক্রিকেট গ্ৰেপ্তাৰ হ’ব পাৰে। অসম ক্ৰিকেট সন্থাই এই চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পূৰ্বে মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জন খেলুৱৈকে নিলম্বন কৰিছিল। উল্লেখযোগ্য যে লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈক মেচ ফিক্সিং কৰিবলৈ এই চাৰিগৰাকী ক্রিকেটাৰে প্রলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। মেচ ফিক্সিঙৰ এই অভিযোগ লাভ কৰাৰ পাছতেই বিচিচিআইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা গোটে সমগ্ৰ ঘটনাটো সন্দৰ্ভত তদন্ত চলায় ।প্ৰাক্তন ৰঞ্জী খেলুৱৈ অমিত সিনহাই অসমক প্ৰতিনিধিত্ব কৰি ৩২ খন খেলত অংশগ্ৰহণ কৰিছিল। শিলচৰৰ অভিষেক ঠাকুৰ চলিত ৰঞ্জী ট্ৰফীত অসম দলৰ সদস্য। ডিব্ৰুগড়ৰ ঈশান আহমেদ আৰু অমন ত্ৰিপাঠী বৰ্তমান ক্লাব পৰ্যায়ৰ অসম দলৰ খেলুৱৈ।
Assamese | December 15, 2025 8:54 PM | ACA Match fixing
মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰ ৰুজু