December 15, 2025 8:54 PM

views 43

মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰ ৰুজু

আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই চাৰিগৰাকী ক্রিকেট গ্ৰেপ্তাৰ হ'ব পাৰে। অসম ক্ৰিকেট সন্থাই এই চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পূৰ্বে মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জন খেলুৱৈকে নিলম্বন কৰিছিল। উল্লেখযোগ্য যে লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত...

December 14, 2025 11:16 AM

views 72

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই ৪ জন খেলুৱৈক নিলম্বন কৰে

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জন খেলুৱৈক নিলম্বন কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈক মেচ ফিক্সিং কৰিবলৈ প্রলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পাছতে অসম ক্রিকেট সন্থাই অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰক নিলম্বন কৰিছে। মেচ ফিক্সিঙৰ এই অভিযোগ লাভ কৰাৰ পাছতেই বিচিচিআইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা গোটে সমগ্র ঘটনাটো সন্দৰ্ভত তদন্ত চলায়। একে সময়তে অসম ক্রিকেট সন্থাইও এই অভিয...