কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ’ব। আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। সেয়েহে কাইলৈৰ গুনানিৰ বাবে আদালতত ৭ অভিযুক্তকে নিয়ম অনুসৰি হাজিৰ কৰাব লাগে। অসম আৰক্ষী অভিযুক্তকেইগৰাকীৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতত অভিযুক্তসকলক ভার্চুৱেলী হাজিৰ কৰোৱাৰ সুবিধা দিয়াৰ বাবে আবেদনমূলক প্রার্থনা জনাইছে। অৱশ্যে আদালতে এতিয়ালৈ আৰক্ষীৰ এই আবেদন মঞ্জুৰ কৰা নাই। একে সময়তে আৰক্ষীয়ে সাতোটা অভিযুক্তকে গুৱাহাটীলৈ আনিবলৈও সাজু হৈছে। তাৰ বাবে হাফলং আৰু বাক্সাৰ কাৰাগাৰলৈ বিশেষ বাহন প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে বাক্সাৰ নিকাছী কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গৰ লগতে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্যক ৰখা হৈছে। আনহাতে আন দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত হাফলঙৰ কাৰাগাৰত আছে। আটাইকেইগৰাকী অভিযুক্তকে ইয়াৰ পূৰ্বে ভার্চুৱেলী চাৰিবাৰকৈ আদালতত হাজিৰ কৰোৱা হৈছে
Assamese | December 15, 2025 6:29 PM | zubeen court
কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি