November 24, 2025 9:50 AM

views 33

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পৰেচন লিমিটেড পৰিদৰ্শন কৰি কোম্পানীটোৰ বিভিন্ন কামকাজৰ পর্যালোচনা

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এল পৰিদৰ্শন কৰি কোম্পানীটোৰ বিভিন্ন কামকাজৰ পর্যালোচনা কৰে। তেওঁ লগতে নামৰূপ সাৰ কাৰখানাৰ চৌহদতে নিৰ্মাণ হ'বলগীয়া অসম ভেলী ফার্টিলাইজাব এণ্ড কেমিকেলছ কোম্...

November 24, 2025 9:48 AM

views 35

নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াই কালি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। নিষিদ্ধঘোষিত সংগঠনটোৰ বিত্ত সচিবৰ দায়িত্বত থকা জ্যেষ্ঠ নেতাগৰাকীয়ে ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচুপাচত আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ এটা দলৰ ওচৰত আত্মসমর্পণ কৰে। ডিব্ৰুগড...

November 24, 2025 9:33 AM

views 38

অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন উপলক্ষে বিশেষ পর্ব

অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন কাৰ্যসূচী উপলক্ষে কাইলৈ বিশেষ পর্ব অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰ্যসূচীত অংশ ল'ব। তেওঁ লগতে অযোধ্যা চহৰত এটা ৰোড শ্ব’তো ভাগ ল'ব। উল্লেখযোগ্য যে মন্দিৰৰ নিৰ্মাণকাৰ্যৰ সামৰণি উপলক্ষে ধবজাৰোহণ কাৰ্যসূচীৰ বাবে পূর্ণ প্রস্তুতি ...

November 24, 2025 9:26 AM

views 52

ৰাজস্থানত আজিৰে পৰা খেলো ইণ্ডিয়া ইউনিভার্ছিটী গেমছৰ পঞ্চম সংস্কৰণ অনুষ্ঠিত হ’ব

ৰাজস্থানত আজিৰে পৰা হ'বলগীয়া খেলো ইণ্ডিয়া ইউনিভার্ছিটী গেমছৰ পঞ্চম সংস্কৰণত অলিম্পিয়ান সাঁতোৰবিদ শ্রীহৰি নটৰাজ আৰু প্ৰখ্যাত ধনুর্বিদ ভজন কৌৰৰ লগত ৫ হাজাৰ খেলুৱৈয়ে অংশ ল'ব। দেশৰ ২৩০ খনতকৈও অধিক বিশ্ববিদ্যালয়ৰ খেলুৱৈয়ে ২৮টা বিভিন্ন শাখাত জয়পুৰ, উদয়পুৰ, যোধাপুৰ, কোটা, আজমেৰ, ভাৰতপুৰ আৰু বিকানেৰ...

November 24, 2025 9:24 AM

views 34

শিখসকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক বলিদান দিৱস সমগ্র দেশতে পালন

শিখসকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক বলিদান দিৱস আজি সমগ্র দেশতে পালন কৰা হ'ব। ১৬৭৫ চনত মোগল সম্রাট ঔৰংজেবৰ আদেশমৰ্মে গুৰু টেগ বাহাদুৰক মৃত্যু দণ্ড দিয়া হৈছিল। গুৰু টেগ বাহাদুৰে দেশৰ বিভিন্ন ঠাইলৈ গৈ গুৰু নানকদেবৰ শিক্ষা প্ৰচাৰ কৰিছিল। তেওঁ ১১৬টা শব্দ আৰু ১৫টা ৰাগ ৰচনা কৰিছিল। তেওঁৰ শিক্ষ...

November 24, 2025 9:20 AM

views 69

চত্তিশগড় আৰক্ষীৰ দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ

চত্তিশগড় আৰক্ষীয়ে কালি দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰে। নাইমেড আৰক্ষী আৰু কোৱা টু হান্ড্রেড টেন ৰিজেমেণ্টে চলোৱা প্ৰথমটো যুটীয়া অভিযানত কাণ্ডাকা-জাপেলি বনাঞ্চলৰ পৰা বিস্ফোৰকসহ ৫ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে ভূপাল পত্নম আৰক্ষীয়ে ম...

November 24, 2025 9:58 AM

views 68

ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত এখন সংবাদ মেলত মুখ...

November 24, 2025 9:15 AM

views 194

সমগ্ৰ ৰাজ্যতে লাচিত দিৱস পালন

আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰি অহা হয়। এই উপলক্ষে আজি ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱ...

November 24, 2025 9:07 AM

views 82

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তে শপত গ্ৰহণ কৰিব

ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশগৰাকীক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূর্য ...

November 24, 2025 9:05 AM

views 107

নতুন দিল্লীত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ ৰ আয়োজন

নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই সন্মিলন মুকলি কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰদৰ্শনী আৰু যুৱ বিজ্ঞানী তথা শিক্ষার্থী সমাৰোহো অনুষ্ঠিত হ'ব। এই সন্মিলনৰ এহেজ...