ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশগৰাকীক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূর্য কান্তে তেওঁৰ প্ৰায় ১৫ মাহৰ কাৰ্যকাল আৰম্ভ কৰিব। যোৱা ৩০ অক্টোবৰত ন্যায়াধীশ কান্তক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব
Assamese | November 24, 2025 9:07 AM | CJI Surya Kante
দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তে শপত গ্ৰহণ কৰিব