December 21, 2025 11:02 AM

views 54

সাংবিধানিক প্রতিষ্ঠানসমূহে ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ প্ৰকাশ

সাংবিধানিক প্রতিষ্ঠানসমূহে সংবিধানৰ ভাবনা অনুযায়ী ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তই প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ ইটাৱাত কালি হিন্দী সেৱা নিধি ন্যাসৰ ৩৩ সংখ্যক বৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাষা সম্বন্ধীয় সাংবিধানিক ব্যৱস্থাসমূহ সমগ্ৰ দেশত ৰূপায়ণ কৰা হ'ব বুলি আশা কৰা হয় । সাংবিধানিক আৰু আইনী ব্যৱস্থা অনুযায়ী...

November 24, 2025 9:07 AM

views 81

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তে শপত গ্ৰহণ কৰিব

ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশগৰাকীক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূর্য কান্তে তেওঁৰ প্ৰায় ১৫ মাহৰ কাৰ্যকাল আৰম্ভ কৰিব। যোৱা ৩০ অক্টোবৰত ন্যায়াধীশ কান্তক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব