শিখসকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক বলিদান দিৱস আজি সমগ্র দেশতে পালন কৰা হ’ব। ১৬৭৫ চনত মোগল সম্রাট ঔৰংজেবৰ আদেশমৰ্মে গুৰু টেগ বাহাদুৰক মৃত্যু দণ্ড দিয়া হৈছিল। গুৰু টেগ বাহাদুৰে দেশৰ বিভিন্ন ঠাইলৈ গৈ গুৰু নানকদেবৰ শিক্ষা প্ৰচাৰ কৰিছিল। তেওঁ ১১৬টা শব্দ আৰু ১৫টা ৰাগ ৰচনা কৰিছিল। তেওঁৰ শিক্ষাসমূহ গুৰু অৰ্জন দেব জীৰ আদি গ্ৰন্থত উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বলিদান দিৱস উপলক্ষে গুৰু টেগ বাহাদুৰৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ মানৱীয়তা আৰু সততাৰ প্ৰশংসা কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে গুৰু টেগ বাহাদুৰৰ শিক্ষাই জনসাধাৰণক ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ আৰু দেশৰ একতা আৰু সমৃদ্ধিৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।
Assamese | November 24, 2025 9:24 AM | guru-teg-bahadur
শিখসকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক বলিদান দিৱস সমগ্র দেশতে পালন