নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াই কালি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। নিষিদ্ধঘোষিত সংগঠনটোৰ বিত্ত সচিবৰ দায়িত্বত থকা জ্যেষ্ঠ নেতাগৰাকীয়ে ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচুপাচত আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ এটা দলৰ ওচৰত আত্মসমর্পণ কৰে। ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে শ্রীদহোটীয়াক অসমলৈ লৈ আহে। উল্লেখযোগ্য যে অৰুণোদয় দহোটীয়াৰ লগতে আন এজন কেডাৰ তথা তেওঁৰ দেহৰক্ষী ফ্রান্সেচ অসমেও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ সময়ত অৰুণোদয় দহোটীয়া আৰু তেওঁৰ দেহৰক্ষীয়ে আৰক্ষীৰ হাতত দুটা ৯ এম এম পিষ্টল, ৪টা মেগজিন, ৫২ জাঁই সজীব গুলী, ৩টা স্মার্টফোন, এটা টেবলেট আৰু ছেটেলাইট ফোনকে ধৰি বৃহৎ পৰিমাণৰ সামগ্ৰী জমা দিয়ে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নাদুৱা গোহাঁইগাঁৱৰ বিজিত গগৈয়ে ২০০১ চনত আলফাত যোগদান কৰে আৰু সংগঠনটোত তেওঁ অৰুণোদয় দহোটীয়া নামেৰে পৰিচিত হৈ পৰে।
Assamese | November 24, 2025 9:48 AM | ULFA surrender
নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ