January 2, 2025 8:27 PM

views 26

মান্নাথু পদ্মনাভনক তেওঁৰ জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মান্নাথু পদ্মনাভনক তেওঁৰ জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে তেওঁক এগৰাকী প্ৰকৃত দূৰদৰ্শী বুলি অভিহিত কৰিছে। তেওঁ এখন উন্নত সমাজ গঢ়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ উপৰি নাৰী সৱলীকৰণ আৰু মানুহৰ দুখ-কষ্ট নিৰাময়ৰ বাবে যথেষ্ট উদ্যোগ ...

January 2, 2025 8:25 PM

views 53

নতুন দিল্লীত আজি নির্মলা সীতাৰমনৰ সপ্তম প্রাক বাজেট আলোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৫-২৬ বৰ্ষৰ বাবে দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্তীয় খণ্ড আৰু মূলধনী বজাৰৰ লগত জড়িত সংশ্লিষ্ট পক্ষৰ সৈতে সপ্তম প্রাক বাজেট আলোচনাত মিলিত হয়। এই বৈঠকত কেন্দ্রীয় বিত্ত সচিব, ডি আ পি এ এমৰ সচিব, অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচি...

January 2, 2025 8:22 PM

views 60

ডি আৰ ডি অ’ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীক সম্বোধন ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাক ইয়াৰ গৱেষণা আৰু উন্নয়নমূলক কামকাজত ষ্টার্টআপক সামৰি লোৱাৰ সম্ভাৱনাক অন্বেষণ কৰাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি ডি আৰ ডি অ'ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীক সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰী সিঙে কয়, যে ভাৰতৰ প...

January 2, 2025 8:20 PM

views 46

নতুন দিল্লীত কাইলৈ প্রধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ...

January 2, 2025 8:18 PM

views 63

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰলৈ শ্রদ্ধা নিবেদন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতি চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পুণ্য তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদিপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চ...

January 2, 2025 8:10 PM

views 34

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহৰ সংখ্যা বৃদ্ধি

ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা বছৰৰ পৰা গ্ৰহণ কৰা বিশেষ প্ৰকল্পৰ ফলত উদ্যানখনত দেওহাঁহৰ সংখ্যা বৃদ্ধি পাইছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ এই পক্ষীবিধ পূর্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু-চৈখোৱা, দিহিং-পাটকাইকে ধৰি কেইবাখনো বনাঞ্চলত পোৱা গৈছিল যদিও পৰৱৰ্তী সময়...

January 2, 2025 8:09 PM

views 69

মাজুলীত পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হোৱা বুলি প্ৰকাশ আৰক্ষী সূত্ৰৰ

মাজুলীৰ থানাসমূহত বিগত বছৰত ৰুজু হোৱা আটাইবোৰ অপৰাধমূলক গোচৰ নিষ্পত্তি হোৱাৰ ফলত জিলাখনত নৱবৰ্ষৰ আৰম্ভণিতে পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনত বিগত বৰ্ষত ১৫৬টা গোচৰ নিষ্পত্তি কৰা হয়। সময়মতে তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষী বাহিনীৰ কৰ্তব্যনি...

January 2, 2025 8:06 PM

views 60

বাক্সা জিলাৰ খাৰুৱাত এড়ী সূতা উৎপাদন কাৰখানা মুকলি

মহিলা সবলীকৰণৰ ক্ষেত্ৰত বি টি আৰ চৰকাৰৰ বিশেষ পদক্ষেপ হিচাপে আজি বাক্সা জিলাৰ খাৰুৱাত থকা হস্ততাঁত বস্ত্ৰ সংহত উদ্যানৰ চৌহদত এটা এড়ী সূতা উৎপাদন কাৰখানা মুকলি কৰা হয়। বি টি চিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আজি এই কাৰখানাটো উদ্বোধন কৰি কয় যে গ্রামাঞ্চলৰ মহিলাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰ...

January 2, 2025 8:05 PM

views 40

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰামধেনু উৎসৱত আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আজি প্ৰথম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে বৰঢোল পৰিৱেশন কৰে। অনুষ্ঠানত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পৰিকল্পনাত ‘আঁহত তলৰ ৰং' শীৰ্ষক ভিন্নসুৰী গীত-মাতৰ কাৰ্যসূচীৰ লগতে কলাক্ষেত্ৰ সমাজৰ কৰ...

January 2, 2025 8:04 PM

views 68

অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠকত

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সীমা বিবাদসমূহ সৌহার্দপূর্ণভাৱে মীমাংসাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ আজি অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা কৰে। তেওঁ কয়, যে মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সদিচ্ছা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ লগত...