গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আজি প্ৰথম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে বৰঢোল পৰিৱেশন কৰে। অনুষ্ঠানত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পৰিকল্পনাত ‘আঁহত তলৰ ৰং’ শীৰ্ষক ভিন্নসুৰী গীত-মাতৰ কাৰ্যসূচীৰ লগতে কলাক্ষেত্ৰ সমাজৰ কৰ্মচাৰী প্ৰয়াত মনেশ্বৰ ব্ৰহ্মৰ স্মৃতিত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চৰকাৰী চাৰু-কাৰু আৰু কলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এখনী চিত্ৰ কৰ্মশালাৰ আয়োজন কৰে। একেদৰে পশ্চিম কাৰ্বি আংলং, ডেৰাপথাৰ, ডিমা হাচাও, হাফলঙৰ লগতে বিভিন্ন প্ৰান্তৰ শিল্পীসকলে জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰে।
Assamese | January 2, 2025 8:05 PM | Ramdhanu festival
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰামধেনু উৎসৱত আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ