January 30, 2025 5:13 PM

views 66

কেজৰিৱালক যমুনা নৈত বিহ মিহলি বুলি কৰা অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। যমুনা নৈৰ পানীত এমনিয়াৰ পৰিমাণ বৃদ্ধি হোৱা বিষয়টোক লৈ অৰবিন্দ কেজৰিৱালে নৈৰ পানীত বিহ ঢলা বুলি অভিযোগ কৰিছিল। এই সন্দৰ্ভত নির্বাচন আয়োগে শ্ৰীকেজৰিৱাললৈ প্ৰেৰণ কৰা প...

January 30, 2025 3:40 PM

views 55

মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এখন প্ৰাৰ্থনা সভাতো অংশ লয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মহাত্মা গান্ধীয়ে অন...

January 30, 2025 3:39 PM

views 44

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য অর্পণ

সমগ্র দেশে আজি ছহিদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত শ্ৰদ্ধাৰ্ঘ্য অর্পণ কৰিছে। এই উদ্দেশ্যে আজি পুৱা নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ...

January 30, 2025 3:36 PM

views 49

কাইলৈ সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিবেশনৰ পূৰ্বে আকাশবাণী বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুড্ডে আৰু ইছ্যুজ বিফ'ৰ পাৰ্লিয়ামেণ্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুড্ডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূ...

January 30, 2025 3:34 PM

views 50

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে নতুন দিল্লীত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে নতুন দিল্লীত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপধ্যায়, সমাজবাদী পাৰ্টীৰ সাংসদ ৰাম গোপাল যাদৱ...

January 30, 2025 2:17 PM

views 27

অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। এৰালতলী পথাৰত প্ৰায় ১২ হাজাৰ বিঘা ভূমি আৱৰি নিৰ্মাণ কৰা অধিৱেশনস্থলীত আদৰণি সমিতিয়ে অধিৱেশনৰ প্ৰস্তুতি চলাইছে।

January 30, 2025 2:06 PM

views 62

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এবিধ বিৰল প্ৰজাতিৰ পক্ষীৰ উপস্থিতি প্ৰত্যক্ষ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এবিধ বিৰল প্ৰজাতিৰ পক্ষীৰ উপস্থিতি প্ৰত্যক্ষ কৰা হৈছে। কাজিৰঙাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ পল্লৱ প্ৰকাশ শ‍ইকীয়া আৰু হেমন্ত গগৈ নামৰ দুজন যুৱ পর্যটক গাইডে এবিধ ব্লু এণ্ড হোৱাইট ফ্লাইকেচাৰ প্ৰত্যক্ষ কৰে। এই চৰাইবিধে এছিয়া অর্থাৎ জাপান, কোৰিয়া, চীনৰ কিছু অং...

January 30, 2025 1:48 PM

views 78

আই আই টি গুৱাহাটী আৰু মীৰাক্লাছ অৰ্থটেকৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

জৈৱ চিকিৎসা অভিযান্ত্ৰিক ব্যৱস্থাপনাক আগুৱাই লৈ যোৱাৰ লগতে চিকিৎসা সঁজুলি খণ্ডৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে আই আই টি গুৱাহাটী আৰু মীৰাক্লাছ অৰ্থটেকৰ মাজৰ কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত উপস্থিত থাকি আই আই টি গুৱাহাটীৰ সঞ্চালক দেবেন্দ্ৰ জলিহালে কয়, যে আই আই টি গ...

January 30, 2025 1:39 PM

views 50

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যিক নির্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি ৭ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ২১ ফেব্ৰুৱাৰীৰ ভিতৰত খচৰা ভোটাৰ তালিকা সন্দৰ্ভত আপত্তি দাখিল কৰিব পৰা যাব। ২৮ ফেব্ৰুৱাৰীত ওজৰ-আপত্তি নিষ্পত্তিৰ সময়সীমা ধাৰ্য কৰা হৈ...

January 30, 2025 2:22 PM

views 61

দিল্লীত প্ৰবাসী অসমীয়াৰ সৈতে ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নেহৰু পাৰ্কত দিল্লীত বাস কৰা প্ৰবাসী অসমীয়াসকলৰ সৈতে আজি ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় বৈদেশি...