কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এবিধ বিৰল প্ৰজাতিৰ পক্ষীৰ উপস্থিতি প্ৰত্যক্ষ কৰা হৈছে। কাজিৰঙাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ পল্লৱ প্ৰকাশ শইকীয়া আৰু হেমন্ত গগৈ নামৰ দুজন যুৱ পর্যটক গাইডে এবিধ ব্লু এণ্ড হোৱাইট ফ্লাইকেচাৰ প্ৰত্যক্ষ কৰে। এই চৰাইবিধে এছিয়া অর্থাৎ জাপান, কোৰিয়া, চীনৰ কিছু অংশ আৰু ৰাছিয়াত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণ পূব এছিয়াত কটায়। ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ এই বিৰল ব্লু এণ্ড হোৱাইট ফ্লাইকেচাৰক দেখা পোৱাৰ বাবে সামাজিক মাধ্যমত উৎসাহ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়, যে পক্ষী দৰ্শকৰ বাবে এয়া ৰোমাঞ্চকৰ খবৰ। এই পক্ষীৰ পৰম্পৰাগত প্ৰব্ৰজন পথৰ বাহিৰত দেখা পোৱাটো আশ্চৰ্যকৰ কথা। সেয়েহে বিগত ১০ বছৰৰ পাছত পাণবাৰী বাৰ্ডিং চাফাৰী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু সকলো পৰ্যটকক কাজিৰঙালৈ গৈ দৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশ্ব জলাশয় দিৱস উপলক্ষে অহা ২ ফেব্ৰুৱাৰীত পাণবাৰী বাৰ্ডিং চাফাৰী পুনৰ মুকলি কৰিব। উদ্যান কর্তৃপক্ষই এটা প্ৰেছবাৰ্তাযোগে জানিবলৈ দিয়া মতে যদি এই পক্ষী দর্শন কার্যসূচী সফল হয়, তেন্তে চাফাৰীয়ে পক্ষী দৰ্শকৰ পৰ্যটনক প্ৰসাৰিত কৰিব আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰিব।
Assamese | January 30, 2025 2:06 PM | Kaziranaga national park | Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এবিধ বিৰল প্ৰজাতিৰ পক্ষীৰ উপস্থিতি প্ৰত্যক্ষ