September 28, 2026 9:30 PM

printer

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শ্রীভূমিৰ উদ্যোগত বিশ্ব জলাতংক দিৱস পালন

শ্রীভূমি জিলাতো আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শ্রীভূমিৰ উদ্যোগত বিশ্ব জলাতংক দিৱস পালন কৰা হয়। এই উপলক্ষে জলাতংক ৰোগ প্ৰতিৰোধ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ বিষয়ে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে এক সজাগতামূলত ৰেলী উলিওৱা হয়। কৰিমগঞ্জ চিভিল হাস্পতালৰ পৰা উলিওৱা ৰেলীৰ শুভাৰম্ভ কৰে হাস্পতালখনৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ শুভাংশু ভট্টাচার্যই অনুষ্ঠানত জিলা মহামাৰী বিশেষজ্ঞ সুমিত ৰায়, জিলা তথ্য ব্যৱস্থাপক অমিত ৰায়, মাইক্ৰ’বাইলজিষ্ট সুপ্রতীক ৰায়ো উপস্থিত থাকে।

এই দিৱসৰ লগত সংগতি ৰাখি ধুবুৰীতো জিলা পশুপালন, আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহযোৰা সজাগতামূলক কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে ধুবুৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যলয় চৌহদত কুকুৰৰ বিনামুলীয়া ছিটা প্ৰদান শিবিৰ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়।

অনুষ্ঠানত জিলা পশুপালন বিষয়া সৌৰভ বৰগোহাই, ধুবুৰী পৌৰ সভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল, ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালত ডাঃ জ্যোতি কুমাৰ দাসকে ধৰি জিলা পশুপালন বিভাগৰ ভালেসংখ্যক চিকিৎসা বিষয়া আৰু কৰ্মী উপস্থিত থাকে।

মাজুলী জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বিশ্ব জলাতংক ৰোগ দিৱসৰ লগত সংগতি ৰাখি ২২ ছেপ্তেম্বৰৰ পৰা আজি পৰ্যন্ত জলাতংক ৰোগ প্ৰতিৰোধ টিকা সপ্তাহ উদযাপন কৰা হৈছে। এই সময়ছোৱাত পথত ঘুৰি ফুৰা গৰাকীবিহীন ভালেকেইটা কুকুৰক এই প্ৰতিষেধক টিকা প্ৰদান কৰা হয়।

আজি বিশ্ব জলাতংক দিৱস উপলক্ষে শ্ৰীশ্ৰীভোগপুৰ সত্ৰত এখন সভাৰ আয়োজন কৰা হয়। এই সভাত মাজুলী জিলাৰ পশুপালন, আৰু পশু চিকিৎসা বিষয়া ড° থানেশ্বৰ মুদৈয়ে জলাতংক ৰোগৰ বিষয়ে বিস্তৃতভাৱে বাখ্যা কৰে। কাৰ্যসূচীত ডাঃ মৃগাংক বৰুৱা, জ্যেষ্ঠ ক্ষেত্ৰ সহায়ক বিপুল হাজৰিকাকে ধৰি কেইবাজনো বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়াব।