ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে আজি গ্রাহক পৰিক্ৰমা বিভাগে জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোৰ্ড নামেৰে তিনিটা এপ মুকলি কৰিব। এই এপসমূহৰ মূল লক্ষ্য হৈছে কেন্দ্ৰীয় গ্রাহক সুৰক্ষা কৰ্তৃপক্ষৰ আৰ্হিৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ ব্যৱস্থাসমূহৰ সামৰ্থ বৃদ্ধি কৰা ।আনহাতে জাগো গ্রাহক জাগো এপৰ লক্ষ্য হৈছে গ্ৰাহকৰ অনলাইন কার্যকলাপৰ সময়ত সকলো ইউনিভার্ছেল ৰিছ’ৰ্চ লিংক চমুকৈ ইউ আৰ এলৰ বিষয়ে প্রয়োজনীয় ই-কমার্চ প্ৰদান কৰাৰ লগতে ইউ আৰ এলৰ ক্ষেত্ৰত সৃষ্টি হোৱা অসুৰক্ষিত ব্যৱস্থাসমূহৰ বিষয়ে সতৰ্ক কৰি দিয়া। জাগৃতি এপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে অবৈধ ঘোষণা কৰা এটা বা ততোধিক ডার্ক পেটাৰ্ণৰ উপস্থিতিৰ সন্দেহ কৰা ইউনিভার্ছেল ৰিছ’ৰ্চ লিংক চমুকৈ ইউ আৰ এলৰ ৰিপোৰ্টসমূহ প্ৰদান কৰিব পাৰিব। উল্লেখযোগ্য যে এই প্রতিবেদনসমূহ সাম্ভাৱ্য প্ৰতিকাৰ আৰু পৰৱৰ্তী ব্যৱস্থাৰ বাবে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষক অভিযোগ হিচাপে পঞ্জীয়ন কৰা হ’ব।
Assamese | December 24, 2024 10:08 AM | National Consumer Day
ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে আজি গ্রাহক পৰিক্ৰমা বিভাগে এপ মুকলি কৰিব